এছিয়ান গেমছ 2023 ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে অসম সন্তান অম্লান বৰগোহাঁয়ে

Sports Desk: পুৰুষৰ 200 মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ অসমৰ অম্লান বৰগোহাঁইৰ ৷ 21.08 ছেকেণ্ডৰ ট্ৰিমিঙৰে হিট 4 ত তৃতীয় স্থান দখল কৰি অম্লান বৰগোহাঁয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে । অলিম্পিক ডট কমৰ মতে, প্ৰতিটো হিটত শীৰ্ষ দুজন খেলুৱৈ আৰু পৰৱৰ্তী দুজন দ্ৰুততম খেলুৱৈৰ পিছত শীৰ্ষ দুজন খেলুৱৈয়ে ফাইনেলত প্ৰৱেশৰ সুযোগ লাভ কৰিব ৷

আনহাতে, দেওবাৰে হাংঝু এছিয়ান গেমছত 23.78 ছেকেণ্ডৰ সময়েৰে মহিলাৰ 200 মিটাৰ ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল ভাৰতীয় এথলীট জ্যোতি য়াৰ্ৰাজীয়ে ।

দেওবাৰে মহিলা হেপ্টাথলন লং জাম্প ইভেণ্টত নন্দিনী আগাছাৰে ছিজনৰ শ্ৰেষ্ঠ 5.94 মিটাৰ আৰু স্বপ্না বৰ্মনে 5.71 মিটাৰ পৰ্যন্ত জপিয়ায় স্থান সুনিশ্চিত কৰে । সামগ্ৰিক ৰেংকিঙত আগছাৰা তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে বৰ্মন ষষ্ঠ স্থানত আছে ।

উল্লেখ্য যে, শনিবাৰে কাৰ্তিক কুমাৰ আৰু গুলৱীৰ সিঙে পুৰুষৰ 1000 মিটাৰ দৌৰৰ ফাইনেলত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে । কাৰ্তিকে 28:15.38 ছেকেণ্ড সময়েৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে গুলৱীৰে 28:17.21 ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় ।