স্প’ৰ্টচ ডেক্সঃ এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁইৰ ৷ থাইলেণ্ডৰ বেইচন মানিকনক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৷ ভাৰতীয় বক্সাৰগৰাকীয়ে এই বিজয়ৰ লগে লগে পেৰিছ অলিম্পিকতো স্থান নিশ্চিত কৰে ৷
এছিয়ান গেমছত বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত মঙলবাৰে অৱৰ্তীণ হৈছিল ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁই ৷ খেলখনৰ আৰম্ভণিৰ পৰা লাভলীনাই নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখি থাইলেণ্ডৰ বেইচন মানিকনক একপক্ষীয়ভাৱে পৰাস্ত কৰে ৷ লাভলীনাই প্ৰথম ৰাউণ্ডত নিজৰ উচ্চতাৰ সুবিধা গ্ৰহণ কৰি প্ৰতিদ্বন্দী থাইলেণ্ডৰ বেইচন মানিকনক ধাৰাবাহিকভাৱে আক্ৰমণ কৰে ৷
দ্বিতীয় ৰাউণ্ডত, লাভলিনাই নিজৰ আক্ৰমণাত্মক প্ৰদৰ্শন অব্যাহত ৰখাৰ বিপৰীতে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীগৰাকীয়েও ভাৰতীয় বক্সাৰগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে ৷ বেইচনে তেওঁৰ প্ৰদৰ্শনেৰে খেলখনৰ দ্বিতীয় ৰাউণ্ড তেওঁৰ দখলত ৰাখে।
দুয়োগৰাকী বক্সাৰে এটাকৈ ৰাউণ্ডত জয়লাভ কৰাৰ লগে লগে প্ৰতিযোগিতাখন অধিক তীব্ৰতৰ হৈ পৰে আৰু অতি ৰোমাঞ্চকৰ প্ৰতিযোগিতাখনত ভাৰতীয় বক্সাৰগৰাকীয়ে নিজৰ ধাৰা অব্যাহত ৰাখি একপক্ষীয়ভাৱে খেলখনত নিজৰ অধিপত্য স্থাপন কৰে ৷ লাভলীনাৰ এই জয়ৰ লগে লগে ভাৰতৰ বাবে আন এটা ৰূপ বা সোণৰ পদক নিশ্চিত হয় ।