এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ ধ্বজাবাহক হ’ব লাভলীনা আৰু হৰমনপ্ৰীত সিং

Sports Desk: টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা অসম কন্যা লাভলীনা বৰগোহাঁই আৰু ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙক ১৯সংখ্যক এছিয়ান গেমছ,২৩ৰ বাবে ভাৰতীয় দলৰ ধ্বজাবাহক নিযুক্তি দিয়া হৈছে।

এছিয়ান গেমছৰ উদ্বোধনী সমাৰোহ চীনৰ হাংঝাওত ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। লাভলীনাই টকিঅ’ অলম্পিকত ৬৯ কিলোগ্ৰাম শাখাত পদক জিকিছিল। এই বছৰৰ মাৰ্চত নতুন দিল্লীত আয়োজিক বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বীপত সোণৰ পদক দখল কৰিছিল।

ভাৰতীয় অলিম্পিক সন্থা (AOI)ই বুধবাৰে এই দুৰ্ণামেণ্টৰ বাবে যৌথ ধ্বজাবাহক নিযুক্তিৰ সিদ্ধান্ত লয়। এছিয়ান গেমছত এইবাৰ ৬৫৫গৰাকী ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিব যিটো দেশৰ এইপৰ্যন্ত সৰ্ববৃহৎ দল।

ভাৰতীয় দলৰ মুৰব্বী ভূপেন্দ্ৰ সিং ৱাজৱাই কয়, ‘আমি আজি বহু বিচাৰ–বিবেচনাৰ অন্তত এই সিদ্ধান্ত লৈছো।’ ভাৰতীয় উশ্বু সন্থাৰ মুৰব্বী বাজৱাই কয়, ‘এইবাৰ এছিয়ান গেমছৰ বাবে আমাৰ দুগৰাকী ধ্বজাবাহক থাকিব – হকীৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু বক্সাৰ লাভলীনা বৰগোহাঁই।’ ২০১৮ চনত জাকাৰ্টা এছিয়ান গেমছত উদ্বোধনী অনুষ্ঠানত ধ্বজাবাহক আছিল নীৰজ চোপ্ৰা।