গুৱাহাটীঃ অসমবাসীৰ বাবে অৱশেষত ভাল খবৰটো আহিল। এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন অম্লান বৰগোঁহাইৰ। অন্ত পৰিল অম্লান বৰগোঁহাইৰ এছিয়ান গেমছৰ বিতৰ্ক। ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সভাপতিয়ে এই কথা নিশ্চিত কৰিলে যে, এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হ’ব অম্লান বৰগোঁহাই।
উল্লেখ্য যে, যোগ্যতা অৰ্জনৰ পিছতো ভাৰতীয় দলত স্থান লাভ কৰা নাছিল অম্লানে বৰগোঁহায়ে। যাৰ বাবে ৰাজ্যৰ লগতে দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এছিয়ান গেমছলৈ যোগ্যতা অৰ্জনত কিছু পলম হোৱাৰ বাবেই অম্লানৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল।
আৰু অৱশেষত এই বিতৰ্কৰ অন্ত পেলাই এছিয়ান গেমছত অম্লানৰ নাম অন্তভুক্তি হ’ব বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰিছে অসমৰ লগতে ভাৰতৰ ক্ৰীড়াপ্ৰেমী। জানিব পৰা অনুসৰি অহা ১১ ছেপ্টেম্বৰত ক্ৰীড়া মন্ত্ৰণালয়ৰ দ্বিতীয়খন তালিকা প্ৰকাশ পাব আৰু তাত অম্লানৰ নাম অন্তৰ্ভুক্ত থাকিব ৷