এগৰাকী মানসিক ভাৰসাম্য হেৰুওৱা পৰিচয়বিহীন মহিলা।

শিৱসাগৰঃ আজি কিছুদিন ধৰি ডিমৌত আহি আছেহি এগৰাকী মহিলা।

বৰষুণত তিতিছে, ৰ’দত শুকাইছে যদিও কোনো যেন ভ্ৰক্ষেপ নাই মহিলাগৰাকীৰ। কোনোৱে আহি যদি অলপ খোৱা বস্তু দিছে, সেয়াকে পৰম তৃপ্তিৰে তেওঁ খাইছে। যদি দিনটোত একো খাদ্যবস্তু নাইপোৱা খালি পেতেৰেই দিনটো পাৰ কৰিছে, কাৰো প্ৰতি যেন কোনো আক্ষেপ নাই। কাৰণ তেওঁ মানসিকভাৱে ভাৰসাম্যহীন। মহিলাগৰাকীৰ পৰিয়ালক খবৰ দিবলৈও অসুবিধা, কাৰণ তেওঁ একোৱেই ক’ব নোৱাৰে। পৰিচয়বিহীন মহিলাগৰাকীক স্থানীয় হৃদয়বান লোকে আৰু কিমানদিন এনেদৰে খাদ্যবস্তু যোগান ধৰিব সেয়াও চিন্তনীয় বিষয়।

মানসিক ভাৰসাম্য হেৰুৱাএগৰাকী মহিলাৰ কৰুণ কাহিনী। ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ড্ৰেইনৰ ওপৰত এক সপ্তাহে এই দৰে পৰি আছে।
ৰ’দ বৰষুণত একাকাৰ হৈ দিন পাৰ কৰা এই বৃদ্ধা মহিলা গৰাকীৰ এখন হাত ভাঙি থকাৰ লগতে মানসিক ভাৰসাম্য হেৰুৱাই নিজৰ পৰিচয় আদি সঠিক ভাৱে একো ক’ব পৰা নাই।

ডিমৌ চহৰৰ ড্ৰেইনৰ ওপৰত এইদৰে দিন পাৰ কৰা বৃদ্ধা মহিলা গৰাকীয়ে ডিমৌৰ বিভিন্ন অঞ্চলত অনাই বনাই ঘূৰি ফুৰি আছিল।

কিন্তু এতিয়া বৃদ্ধা মহিলা গৰাকীয়ে অসুস্থ হৈ পৰাত এই দৰে ড্ৰেইনৰ ওপৰতে পৰি থকা দেখি স্থানীয় ৰাইজে অব্যৱহৃত এখন বেনাৰ দি এখন চালি বনাই দিছে। দৈনিক বিভিন্ন জনে আহাৰ যোগান ধৰি আহিছে যদিও স্থানীয় প্ৰশাসনে আজিৰ দিনটো লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

স্থানীয় ৰাইজে বিভিন্ন জনৰ লগত যোগাযোগ কৰিছে যদিও বৰ্তমান লৈকে কোনো ধৰণৰ সুফল পোৱা নাই। বৃদ্ধা মহিলা গৰাকীয়ে মাজে মাজে ভঙা হাতৰ বিষৰ যন্ত্ৰনাত এইদৰে কান্দি চিয়ঁৰি আছে।

কোনো হৃদয় বান লোক, বেচৰকাৰী সংস্থা আৰু চৰকাৰে বৃদ্ধা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে সুস্থ কৰি তুলি এক নতুন জীৱন দিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।