৭৬ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত একেৰাহে ২১ বাৰ উপস্থিত হৈ অভিলেখ গঢ়িছে বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে ।
যোৱা বৃহস্পতিবাৰে মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ কঢ়াৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ৰূপালী আৰু ক’লা ৰঙৰ এযোৰ পোছাক পিন্ধে ।এই পোচাকযোৰে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । বহুতে হিন্দী ছবি ‘ক’ই মিল গয়া’ত ‘যাদু’ নামৰ চৰিত্ৰটোৱে পৰিধান কৰা পোছাকৰ সৈতে মিল থকা বুলি সামাজিক মাধ্যমত ট্ৰল কৰিছে ।