নলবাৰী বৰমূৰিকোনাৰ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন৷
একমাত্ৰ পুত্ৰ আক্ৰান্ত মাৰাত্মক হৃদৰোগত, চিকিৎসা সাহাৰ্য্য বিছাৰি অসমৰ মুখ্যমন্ত্ৰী তথা দল সংগঠনলৈ কাতৰ আহ্বান৷
নলবাৰী জিলাৰ বৰমুৰিকোনা গাৱঁৰ এটি দুৰ্ভগীয়া পৰিয়াল৷ গাওঁখনৰ ক্ষুদ্ৰ ব্যৱসায়ী চৈতন্য শৰ্মা দলৈ আৰু নমিতা দেৱীৰ বাৰবছৰীয়া পুত্ৰ সন্তান চিন্ময় শৰ্মা বৰ্তমান হৃদৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে৷ কাশিনাথ শৰ্মা এম ই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ চিন্ময়ক নলবাৰী গুৱাহাটী আদিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও সুফল পোৱা নাই পৰিয়ালটো৷ চিকিৎসকে কণমানিটোৰ হৃদযন্ত্ৰ সলনি কৰিব লাগিব বুলি কৈছে৷ তাৰবাবে লাগিব যথেষ্ট পৰিমাণৰ ধন৷ কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৱে যথেষ্ট ধন খৰছ কৰিব পৰা অৱস্থা নাই৷ সেয়েহে মাতৃ নমিতা দেৱীয়ে কান্দি কান্দি অসমৰ মুখ্যমন্ত্ৰী তথা হৃদয়বান দল সংগঠনৰ সহায় বিছাৰিছে৷ হয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা হৃদয়বান ব্যক্তি আৰু দল সংগঠনৰ সহায়ে হাহি বিৰিঙাৱ পাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত৷ যদিহে কোনো হৃদয়বান লোক তথা দল সংগঠনে সহায় কৰিব বিছাৰে তেওঁলোকে নলবাৰী অময়াপূৰত থকা পঞ্জাৱ নেচনেল বেংকৰ একাউণ্ট নং –4175000100074397 IFC CODE– PUNB0417500 ৰ উপৰিও Googolpay namber–6002765141 সহায় কৰাৰ লগতে 9613630726 ফোন নংত যোগাযোগ কৰিব পাৰিব৷