মৰিয়নীৰ বাগিছাই বাগিছাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব জিন্দাবাদ ধ্বনি, মাদল বজাই ঝুমুৰ নৃত্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
মৰিয়নীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ কৰম পৰৱৰ দিনা বেতনসহ বন্ধ ঘোষণা কৰাৰ পিচতে নিশা মৰিয়নীৰ চাহ বাগিছাত ঝুমুৰ নাচি মতলীয়া হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী।
মৰিয়নীৰ কাটনিবাৰী চাহ বাগিছাত নিশা চাহ শ্ৰমিকক মিঠাই বিলাই মাদলৰ চেৱে চেৱে ঝুমুৰ নাচি চাহ শ্ৰমিকক কৰম পৰবৰ দিনা মজুৰিসহ বন্ধ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে ৰূপজ্যোতি কুৰ্মীয়ে।
ৰূপজ্যোতি কুৰ্মীৰ সৈতে একেলগে ঝুমুৰ নাচি আনন্দত মগন হৈ পৰে কাটনিবাৰী বাগিছাৰ শ্ৰমিকসকল। কান্ধত মাদল লৈ এনেদৰে শ্ৰমিকসকলক সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মনকৰিবলগীয়া ৭৫বছৰ ধৰি চাহ জনগোষ্ঠীয় ৰাইজে কৰমৰ পৰৱৰ দিনা বন্ধ ঘোষণাৰ দাবী জনাই আহিছিল।