এইবাৰ মদ ব্যৱসায়ীৰ নতুন কৌশলঃ কিশোৰৰ হতুৱাই স্কুটিৰে সৰবৰাহ কৰে বিলাতী সুৰাৰ বটল

বাহাৰঘাটঃ এইবাৰ মদ ব্যৱসায়ীৰ নতুন কৌশল, কিশোৰৰ হতুৱাই স্কুটিৰে সৰবৰাহ কৰে বিলাতী সুৰাৰ বটল।

আজি আবেলি হাজো সমষ্টিৰ দৈচপৰাত ৰাইজে এজন মদ সৰবৰাহ কাৰীক স্কুটি সহ আৱদ্ধ কৰে৷

আৱদ্ধ কৰা কিশোৰ গৰাকী নলবাৰী জিলাৰ দোকোহা অঞ্চলৰ কঠালগোপাৰ বুলি জানিব পৰা গৈছে৷

জানিব পৰামতে ধৃত কিশোৰ জন ইয়াৰ পুৰ্বে গৰমচুংত মদ সহ আৱদ্ধ হোৱা উৎপল দাসৰ ভাতৃ৷

ইয়াক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অষ্টমমান শ্ৰেণীত অধ্যায়নৰত কিশোৰক অবৈধ কাৰ্য্যত লিপ্ত কৰা লোকৰো শাস্তিৰ দাবী কৰিছে৷

ইতিমধ্যে কিশোৰ গৰাকীক কঞাঁ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে৷