গহপুৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষাবিষয়া হৰিপ্ৰসাদ দাস শুকুৰবাৰে ঘোচ লোৱা অৱস্থাত হাতে-লোতে গ্ৰেপ্তাৰ হয়। গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক শাখাৰ এটা ৫ জনীয়া দলৰ হাতত ধৰা পৰে বিষয়াজন।
জানিব পৰা মতে, জৰিগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ পেগুৰ পৰা বদলিৰ নামত ৬হাজাৰ টকা ল’বলৈ মুখ মেলোতেই কাৰ্য্যালয় কক্ষৰ ভিতৰত বিয়লি প্ৰায় ৪ বজাত হাতে-লোতে গ্ৰেপ্তাৰ হয় ধনলোভী শিক্ষাবিষয়া হৰিপ্ৰসাদ দাস। ধৃত হৰিপ্ৰসাদ দাসক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কাৰ্য্যালয়ৰ ভিতৰতে দীৰ্ঘসময় জেৰা কৰাৰ অন্তত গুৱাহাটীলৈ লৈ যায়। সন্মুখত গোলাপী পানীৰ বটল লৈ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৰ আগত হাত দাঙিবলৈ বাধ্য হোৱা শিক্ষাবিষয়া হৰিপ্ৰসাদ দাসৰ উক্ত কাণ্ডক লৈ নাক কোচাইছে গহপুৰ শৈক্ষিক সমাজে।
উল্লেখযোগ্য যে, নাৰায়ণপুৰত শিক্ষাবিষয়া হৈ থকাৰ সময়ত বিভিন্ন দুৰ্নীতি অনিয়মেৰে কলংকিত হৈ পৰা হৰিপ্ৰসাদ দাসে ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত খণ্ড শিক্ষাবিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰা গহপুৰতো আৰম্ভ কৰিছিল লুণ্ঠনৰ বজাৰ। বাৰ্ষিক বেতন বৃদ্ধিৰ পুস্তিকাত চহী কৰা, বিদ্যালয়ৰ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰা, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বহীৰ নম্বৰ পৰীক্ষা কৰা, মধ্যাহ্ন ভোজনৰ হিচাপ পৰীক্ষা, আন্তঃগাঁথনিৰ বাবে অহা ধনৰ হিচাপ লোৱাৰ অজুহাতত মাহৰ পিছত মাহ ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকলক হাৰাশাস্তি কৰি মানসিক চাপ বৃদ্ধিৰে উৎকোচ দাবী কৰি আহিছিল দাসে ।