প্ৰাচীন ভাৰতৰ ইতিহাসৰ পাতত চাণক্যৰ নাম সোণালী আখৰেৰে লিখা আছে। তেওঁ আছিল একাধাৰে এজন মহান কূটনীতিবিদ, দাৰ্শনিক, পণ্ডিত, ৰাজ উপদেষ্টা আৰু অৰ্থনীতিবিদ। অৰ্থনৈতিক আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ বাবে চাণক্য আজিও বিশ্ববিখ্যাত। পৃথিৱীৰ বিষয়ে তেওঁৰ জ্ঞান অপৰিসীম আছিল. আহকচোন মহামুনি চাণক্যই দিয়া এনেকেইটামান নীতিৰ বিষয়ে জানি লওঁ, যি কেইটা নীতি মনত ৰাখিলে জীৱনত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব আৰু সংসাৰৰ বিষয়ে গভীৰ জ্ঞান উপলব্ধি কৰিব পাৰিব –
ইতিহাসৰ মাজেৰে চালে দেখিব যে আজিলৈকে মানুহক সমানে প্ৰভাৱিত কৰি অহা বহুতো কিতাপ আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে চাণক্যৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ গ্ৰন্থ- ‘চাণক্য-নীতি’। কেৱল কিতাপৰ গৱেষণাই নহয়, চাণক্য নীতি আজিও মানুহৰ জীৱনতো সমানে ফলপ্ৰসূ।
# ফুলৰ সুগন্ধি কেৱল বতাহৰ দিশত বিয়পে। কিন্তু এজন মানুহৰ ভাল কাম সকলো দিশতে বিয়পি পৰে।
# মানুহ অকলে জন্ম হয় আৰু অকলে মৃত্যু হয়; আৰু তেওঁ কেৱল নিজৰ কৰ্মৰ ফল অনুসৰি অকলে নৰক বা স্বৰ্গলৈ যায়।
# শিক্ষাই হৈছে সৰ্বোত্তম বন্ধু। এজন শিক্ষিত ব্যক্তিক সকলোতে সন্মান কৰা হয়। শিক্ষাই সৌন্দৰ্য্য আৰু যৌৱনকো পৰাস্ত কৰিব পাৰে।
# প্ৰতিটো বন্ধুত্বৰ আঁৰত থাকে কিছু স্বাৰ্থ। স্বাৰ্থৰ অবিহনে বন্ধুত্ব নাথাকে। এয়া এক তিক্ত সত্য।
# মানুহ জন্মৰ দ্বাৰা নহয়, মানুহ কৰ্মৰ দ্বাৰা মহান হয়।
# এজন ব্যক্তি কেতিয়াও জোখতকৈ সৎ হ’ব নালাগে। পোন গছ প্ৰথমে কাটি দিয়া হয় আৰু সৎ মানুহক প্ৰথমে অন্যায় কৰা হয়।
# সিংহৰ পৰা শিকিব পৰা এটা উৎকৃষ্ট কথা হ’ল যে মানুহে যি কৰিবলৈ মন কৰে, সেয়া তেওঁ সম্পূৰ্ণ হৃদয় আৰু কঠোৰ পৰিশ্ৰমেৰে কৰিব লাগে।
# সাপ, ৰজা, বাঘ, চেপা ভেকুলী, সৰু ল’ৰা, কুকুৰ আৰু মূৰ্খ – এই কেইটি প্ৰাণীক টোপনিৰ পৰা জগাই তোলা উচিত নহয়।
# সাপৰ বিষ দাঁতত থাকে, মাখিৰ বিষ মুখত আৰু বিচ্ছুৰ বিষ শুঙত থাকে; কিন্তু দুষ্ট মানুহৰ সকলোতে বিষ থাকে।