উৰনীয়া সেতুৰ নিৰ্মান কাৰ্য লেহেমীয়া হোৱাৰ ফলত ব্যপক অসুবিধাৰ সন্মুখীন বাইহাটা চাৰিআলি অঞ্চলৰ জন সাধাৰন

ৰঙিয়াঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত চলি থকা উৰনীয়া সেতুৰ নিৰ্মান কাৰ্যই জলাকলা খুৱাইছে বাইহাটা চাৰিআলিৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথটোৰে চলাচল কৰা লোক সকলক ।

উৰনীয়া সেতুৰ নিৰ্মান কাৰ্য লেহেমীয়া হোৱাৰ ফলত ব্যপক অসুবিধাৰ সন্মুখীন বাইহাটা চাৰিআলি অঞ্চলৰ জন সাধাৰন । নিৰ্মান কাৰ্য লেহেমীয়া হোৱা বাবে ব্যপক যান যতৰ সৃষ্টি হৈছে ।

যাৰ ফলত স্কুল কলেজৰ ছাত্ৰীৰ লগতে অফিচ কাছাৰিলৈ যোৱা লোক সকল যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । সেয়ে উৰনীয়া সেতুৰ নিৰ্মান কাৰ্য ক্ষীপ্ৰ কৰাৰ বাবে চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ ।