উৰণীয়া সেতুৰ পৰা গাড়ী বাগৰি এজনৰ মৃত্যু

২৬ মে’ত পূব দিল্লীৰ বাৰাপুল্লা-নয়ডা লিংক ৰোড অঞ্চলত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা গাড়ী এখন বাগৰি পৰিছিল। যাৰ ফলত ৪২ বছৰীয়া জগনদীপ সিঙৰ মৃত্যু হৈছিল। জগনদীপৰ ঘৰ দিল্লীৰ কৃষ্ণ নগৰত বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে সন্দেহ কৰিছে যে অফিচৰ পৰা ঘৰলৈ উভতাৰ সময়ত উৰণীয়া সেতুখনৰ কোনটো ফালে যাব লাগে তাক লৈ বিভ্ৰান্তি হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দিল্লী চৰকাৰ আৰু আৰক্ষী আয়ুক্তক বাৰাপুল্লাৰ নিৰ্মীয়মান উৰণীয়া সেতুত এজন লোকৰ মৃত্যু সন্দৰ্ভত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। বুধবাৰে এই জাননী জাৰি কৰে আয়োগে।

এই ক্ষেত্ৰত আয়োগে কয় যে, ব্যক্তিজন বিভ্ৰান্তি হৈছিল নে নাই সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা হ’ল যে তাত প্ৰশাসনৰ তৰফৰ পৰা কোনো বেৰকেড নাছিল। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ যদি সত্য হয় তেন্তে এয়া এক মানৱ অধিকাৰ উলংঘনৰ ঘটনা বুলি কয় আয়োগে।

আগন্তুক এসপ্তাহৰ ভিতৰত এই ঘটনা সন্দৰ্ভত উত্তৰ বিচাৰি দিল্লী চৰকাৰ, দিল্লী আৰক্ষী আয়ুক্ত, লোকনিৰ্মাণ বিভাগৰ সচিবক জাননী জাৰি কৰিছে। অৱশ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।