উৎকট গৰমৰ পৰা কিছু সকাহ পাইছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে।

উৎকট গৰমৰ পৰা কিছু সকাহ পাইছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে। যোৱাকালিৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হৈছে। এই বতৰ আৰু কিছুদিনলৈ থাকিব বুলি অনুমান কৰা হৈছে।

যোৱা বৃহস্পতি বাৰৰ দৰে, আজি শুকুৰবাৰৰ দিনটোতো ৰাজ্যবাসীয়ে গৰমৰ পৰা বহু পৰিমাণে সকাহ পাব। বহু ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু বিচ্ছিন্ন প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিচ্ছিন্ন স্থানত বজ্ৰপাত বা বিজুলী ঢেৰেকণী দিয়াৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছে।

ইয়াৰোপৰি, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ মুখ্য চহৰত আজিৰ সৰ্বোচ্চ তাপমান ২৬–৩৮ ডিগ্ৰীৰ ভিতৰত থাকিব। শ্বিলঙত ২৬.৬ ডিগ্ৰী, ইম্ফলত ৩৩.৫ ডিগ্ৰী, ইটানগৰত ৩৮.৪ ডিগ্ৰী, আইজলত ২৮.৫ ডিগ্ৰী, আগৰতলাত ৩৫.০ ডিগ্ৰী, কহিমাত ২৮.০ ডিগ্ৰী আৰু পাচিঘাটত ৩৬.১ ডিগ্ৰী তাপমান হোৱাৰ সম্ভাৱনা আছে। লগতে, সৰ্বনিম্ন তাপমান শ্বিলঙত ১৮.৮ ডিগ্ৰী, ইম্ফলত ২০.৭ ডিগ্ৰী, ইটানগৰত ২১.০ ডিগ্ৰী, আইজলত ২০.১ ডিগ্ৰী, আগৰতলাত ২৯.৪ ডিগ্ৰী, কহিমাত ১৬.৬ ডিগ্ৰী আৰু পাচিঘাটত ২৭.২ ডিগ্ৰী হ’ব।