গুৱাহাটী : গুৱাহাটীৰ উলুবাৰীস্থিত এপ’ল’ ক্লিনিকত চিটি স্কেন কৰিবলৈ অহা এগৰাকী মহিলাই ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুওৱা ঘটনাই ৰাজধানী চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ কেন্দ্ৰ কৰি মঙলবাৰে ক্লিনিক খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
মৃত দুৰ্ভগীয়া মহিলাগৰাকী কাহিলিপাৰা ভগদত্তপুৰৰ চন্দ্রা দাস (৫০)। কঁকালৰ বিষৰ বাবে চিকিৎসা কৰাইছিল এপ’ল’ ক্লিনিকত। সেই মৰ্মে চিকিৎসকে চিটি স্কেনৰ নিৰ্দেশ দিছিল। কিন্তু এটা বেজীৰ পিছতেই মহিলাগৰাকীৰ মুখৰ পৰা ফেন ওলাই আৰু পৰৱৰ্তী সময়ত মৃত্যু হয়।
ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰলোকে।
দিছপুৰৰ চহৰ আৰু নগৰ পৰিকল্পনা বিভাগত ক্লাৰিকেল পোষ্টত কৰ্মৰত আছিল চন্দ্ৰা দাস। ড৹ সিদ্ধাৰ্থ চাইগলৰ ওচৰত চিকিৎসাৰ কৰাই আছিল মহিলাগৰাকীয়ে।
আজি পুৱা জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব চন্দ্ৰা দাসৰ। তাৰপাছতহে পোহৰলৈ আহিব মৃত্যুৰ ৰহস্য।