উদীয়মান কবি হিৰন্য শৰ্মাৰ কবিতা পুথি ’চকুলো’ উন্মোচন

হিৰন্য শৰ্মাৰ কবিতা পুথি ’চকুলো’ উন্মোচন।

বাহাৰঘাটঃ দেওবাৰে সন্ধিয়া নলবাৰী জিলাৰ দেহাৰকুছি গাৱঁৰ কলবাৰী চুবুৰিৰ উদীয়মান কবি হিৰন্য শৰ্মাৰ কবিতা পুথি ’চকুলো’ উন্মোচন কৰে৷

উন্মোচন কৰে পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মাই৷

কবি হিৰন্য শৰ্মাৰ বাসভৱনত দেওবাৰে আবেলি আয়োজিত গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত অৱসৰি শিক্ষক ৰামপ্ৰষাদ শৰ্মাই৷ সভাত অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট কবি তথা প্ৰাক্তন ছাত্ৰনেতা ভূপেন তালুকদাৰ৷ অৱসৰি শিক্ষক ধীৰেন শৰ্মাই আতধৰা উন্মোচনী সভাত অৱসৰি অধ্যাপক কেশৱ চন্দ্ৰ শৰ্মা, অৱসৰি শিক্ষক দীনেশ চন্দ্ৰ শৰ্মা, সমাজকৰ্মী অম্বুনাথ শৰ্মা, সুনীল শৰ্মা, পুলিন শৰ্মা, শৈলেন শৰ্মা আদিকৰি কেইবাজনো লোকে অংশগ্ৰহণ কৰে৷

প্ৰতিকুল বতৰকো নেওচি আয়তিৰ উৰুলি হৰিধ্বনিৰ মাজত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শতাধিক লোকে অংশগ্ৰহণ কৰে৷ সভাৰ আৰম্ভণিতে হিৰন্য শৰ্মাৰ পিতৃ অন্নদা প্ৰষাদ শৰ্মা আৰু ভাতৃ অনিল শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে আৰু বন্তি প্ৰজ্বলন কৰে৷