উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানত বন বিভাগৰ অভিযান

ৰঙিয়াঃ উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানত বন বিভাগৰ অভিযান । ৰঙিয়াৰ কলেজ গেটৰ সমীপত থকা এম এছ বিজয় ফৰেষ্ট প্ৰডিউচ টিম্বাৰ ট্ৰেডিং ডিপোটত বন বিভাগৰ অভিযান । বন বিভাগে জব্দ কৰিলে এটা কাঠ ফলা মিল।

উত্তৰ কামৰূপ বন-সংমণ্ডলৰ এই অভিযানৰ পিছতে বন বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈছে প্ৰতিষ্ঠানখনৰ স্বত্বাধীকাৰী ভাৰ্গৱ চৌধুৰী। সংবাদ মাধ্যমৰ আগত ভাৰ্গৱ চৌধুৰীৰ বিস্ফোৰক মন্তব্য : চিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবে বলীৰ পঠা সজাইছে উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনক।

সকলো অনুজ্ঞাপত্ৰ থকাৰ পিছতো ওপৰ মহলৰ হেচাত জব্দ কৰিছে কাঠ ফলা মিলটো। কাঠ ফলা মিলটো জোখতকৈ ১২ ইঞ্চি ডাঙৰ দেখুৱাই কোনো চৰকাৰী নথি অথবা ৰচিদ নিদিয়াকৈ বন বিভাগে জব্দ কৰিছে মেচিনটো।

চৌধুৰীয়ে যোৱা ১৩ আগষ্টত বন বিভাগত চলি থকা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ৰঙিয়াৰ সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰিছিল। সমগ্ৰ উত্তৰ পূৱতে গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰে চিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ আনিছিল। লগতে কাঠৰ চিণ্ডিকেট সন্দৰ্ভত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰক পত্ৰ দিয়াৰ পিছতো কোনো সহাৰি নোপোৱা বুলি অভিযোগ কৰিছিল উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই। উপায় বিহীন হৈ চিণ্ডিকেটৰাজৰ বিৰুদ্ধে সংবাদ মেল আয়োজন কৰিছিল। লগতে উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই প্ৰতিখন থানাতে গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰৰ বিৰুদ্ধে গোচৰ তৰিব বুলি মন্তব্য কৰিছিল। যাৰ পৰিপেক্ষিতত চিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবে অনুজ্ঞাপত্ৰ থকা ব্যৱসায়ীৰ বাবে কাল হল বুলি অভিযোগ কৰে ভাৰ্গৱ চৌধুৰীয়ে । এই সন্দৰ্ভত কোন সঁচা কোন মিচা সেয়া ৰহস্যৰ আৱৰ্তত ।