উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ জ্যেষ্ঠ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে।
দুৰ্নীতিৰ গোচৰত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰ বাতিল কৰাৰ আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।
৯ ছেপ্টেম্বৰত স্কীল ডেভেলপমেণ্টৰ সৈতে জড়িত এক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল নাইডুক।
উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত ৰাজ্যিক অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল।
টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ অধিবক্তাই শনিবাৰে উচ্চতম ন্যায়ালয়ত এই আবেদনৰ প্ৰতিলিপি প্ৰদান কৰে।
ইয়াৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰি কয় যে যেতিয়া তদন্ত চূড়ান্ত পৰ্যায়ত আছে তেতিয়া উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে।
শুকুৰবাৰে ৰাজ্যিক টিডিপিৰ সভাপতি আচেন নাইডুৱে কয় যে উচ্চ ন্যায়ালয়ে এন চন্দ্ৰবাবু নাইডুৰ এফআইআৰ বাতিলৰ আবেদন নাকচ কৰিছে, গতিকে দলে এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব।
মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে প্ৰতিশোধ লোৱা বুলিও অভিযোগ উত্থাপন কৰে আচেন নাইডুৱে।