উচ্চতম ন্যায়ালয়ত মঙলবাৰৰ পৰা বিচাৰ আৰম্ভ হৈছে অসমত থকা অবৈধ নাগৰিক সন্দৰ্ভত।
অসম সন্মিলিত মহাসংঘৰ চাৰিটাকৈ গোচৰৰ আধাৰত শুনানি গ্ৰহণ কৰিব দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে।
অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষাৰ স্থায়ী আৰু সাংবিধানিক ৰায়ৰ আশা মহাসংঘৰ।
সৰ্বোচ্চ ন্যায়ালয়ত পুন প্ৰথমবাৰৰ বাবে 562/2012, 886/2014/, 311/2015 আৰু 86/2016 নং গোচৰৰ শুনানি আৰম্ভ হ’ব।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠত আৰম্ভ হ’ব।
বহু বিতৰ্কিত CAA আইনৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘই তৰা গোচৰৰ ওপৰতো শুনানি আৰম্ভ হ’ব বুলি নতুন দিল্লীৰপৰা জনায় মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে।