ইন্টাৰ মিনিষ্ট্ৰীয়েল চেন্ট্ৰেল টীম এটাই পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বানপানীৰ সমস্যাৰ বুজ লয়।

ধমধমাত মথাউৰি আৰু বান সমস্যা বুজ ল’লে ইন্টাৰ মিনিষ্ট্ৰীয়েল চেন্ট্ৰেল টীমে ।

ইন্টাৰ মিনিষ্ট্ৰীয়েল চেন্ট্ৰেল টীম এটাই আজি বাক্সা জিলাৰ জাৰতালুকত পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বানপানীৰ সমস্যাৰ বুজ লয়।

বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত, জলসম্পদ বিভাগৰ অভিযন্তা, বাগানপাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, পশুপালন বিভাগ, ভূমি সংৰক্ষণ বিভাগকে ধৰি কেইবাটাও বিভাগক লগত লৈ জাৰতালুকত নিৰ্মিত পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰি বানপানীৰ সমস্যা সন্দৰ্ভত বুজ লয়।

অৱশ্যে মথাউৰি আৰু বান সমস্যা সন্দৰ্ভত বুজ ল’বলৈ অহা কেন্দ্ৰীয় দলটোক অঞ্চলটোৰ ৰাইজে ভুগি থকা সমস্যা আৰু মথাউৰি নিৰ্মাণৰ লেহেমীয়া গতি তথা দুৰ্নীতিৰ বিষয়ে ক’বলৈ অতিৰিক্ত উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ অভিযন্তাই কোনো সুযোগ নিদিলে বুলি ৰাইজে অভিযোগ কৰে ৷

উল্লেখ যে পাগলাদিয়া নদীৰ বান সমস্যা সমাধানৰ বাবে নৈখনৰ পশ্চিম দিশত ৩০ কোটি টকাৰে নতুনকৈ এখন দলং নিৰ্মাণ কৰা হৈছে যদিও দলংখনৰ দক্ষিণ দিশত ১৪ কোটিৰে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা মথাউৰিটোৰ বাবে জলসম্পদ বিভাগে নতুন দলংখনৰ তলেৰে নদীৰ পানী যাবলৈ নিদিয়াত উত্তৰ দিশৰ মথাউৰিটোত খহনীয়াৰ সৃষ্টি হোৱাৰ লগতে বাক্সা আৰু নলবাৰী জিলাৰ কেইবাখনো গাঁৱে বান সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷