বেডমিণ্টনত ইতিহাস ৰচিলে ভাৰতৰ চিৰাজ ছেট্টী আৰু সৎৱিক ৰাংকিৰেড্ডিয়ে । ইণ্ডোনেছিয়া অ’পেন বেডমিণ্টনত পুৰুষৰ ডাবলছৰ খিতাপ জিনিলে ভাৰতীয় যুটিটোৱে। ফাইনেলত সৎৱিক-চিৰাগে ২১-১৭, ২১-১৮ পইণ্টৰ ব্যৱধানত মালয়েছিয়াৰ এৰ’নছিয়া আৰু ছোহ উই ইকাৰ যুটীক পৰাস্ত কৰে।
ইয়াৰ জৰিয়তে ভাৰতীয় যুটিটোৱে প্ৰথমবাৰলৈ আন্ত:ৰাষ্ট্ৰীয় বেডমিণ্টন ছুপাৰ-১০০০ প্ৰতিযোগিতাৰ খিতাপ জিনিবলৈ সক্ষম হ’ল।
ইয়াৰ পূৰ্বে তেওঁলোকে কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰাৰ উপৰিও যোৱা বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।