ইছৰাইলৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ

গাজাত অব্যাহত আছে ইজৰাইলৰ বিমান আক্রমণ । ইজৰাইলে গাজাত চলোৱা শেহতীয়া বিমান আক্রমণত গাজাৰ এখন চিকিৎসালয়ৰ ৫০০ লোকৰ মৃত্যু হয় ।

গাজাৰ চিকিৎসালয়ত ইজৰাইলে বিমান আক্রমণ চলোৱাৰ পাছতেই ইজৰাইলৰ বিৰুদ্ধে বিভিন্ন প্রশ্ন উণ্থাপন হৈছে । ইজৰাইলে গাজাৰ চিকিৎসালয়ত চলোৱা আক্রমণে আমেৰিকাৰ নেতৃত্বত চলি থকা কূটনৈতিক প্রচেষ্টাক বেকফুটলৈ ঠেলি দিছে ।

মঙলবাৰে গাজাৰ আল আহলিৰ চিকিৎসালয়ত সংঘটিত হোৱা বিস্ফোৰণৰ বাবে হামাছে ইজৰাইলৰ বিমান আক্রমণক জগৰীয়া কৰিছে । ইফালে ইজৰাইলৰ অভিযোগ ইছলামিক গোট হামাছৰ লক্ষ্যভ্ৰষ্ট ৰকেটৰ বিস্ফোৰণত এই ঘটনা সংঘটিত হয় ।

আনহাতে চিকিৎসালয়ত আক্রমণৰ ঘটনাৰ বাবে হামাছৰ নেতা ইছমাইল হানিয়ে আমেৰিকাক দোষাৰোপ কৰে । হানিৰ মতে, আমেৰিকাই ইজৰাইলক বচাবলৈ চেষ্টা কৰিছে । হানিয়ে আৰৱৰ সকলো মুছলমান আৰু পেলেইষ্টাইনীক ইজৰাইলৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ আহ্বান জনায়।

হাস্পতালত ৰকেট আক্ৰমণৰ পাছতেই মধ্যপ্ৰাচ্যৰ লক্ষাধিক মুছলমান ওলাই আহিছে ৰাজপথলৈ। আমেৰিকাৰ দূতাৱাস ঘেৰাও কৰি আক্ৰমণ লক্ষাধিক মুছলমান লোকৰ।