ইউ পি : মথুৰা ৰেলৱে ষ্টেচনত প্লেটফৰ্মত উঠিল ই এম ইউ ৰেল, কোনো লোক হতাহতি হোৱা নাই

মথুৰাঃ উত্তৰ প্ৰদেশৰ মথুৰা ৰে’ল ষ্টেচনত এখন ৰে’ল ৰেলপথৰ পৰা ওলাই প্লেটফৰ্মত আৰোহণ কৰে। মঙলবাৰে দিল্লীৰ ছাকুৰ বস্তি ৰেলৱে ষ্টেচনৰ পৰা আহি থকা ইলেক্ট্ৰিক মাল্টিপল ইউনিট (ইএমইউ) ৰে’লখনত এই ঘটনাটো সংঘটিত হয়। এই ঘটনাত এতিয়ালৈ কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই।

মথুৰা ষ্টেচনৰ পৰিচালক এছ কে শ্ৰীবাস্তৱে কয় যে সকলো যাত্ৰী ইতিমধ্যে ৰে’লৰ পৰা নামিছে আৰু এই ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

“এই ট্ৰেইনখন ছাকুৰ বস্তিৰ পৰা আহি আছিল। নিশা ১০:৪৯ বজাত ৰেলখন আহি ষ্টেচন পাইছিল। সকলো যাত্ৰী ৰেলখনৰ পৰা নামি অহাৰ পাছত হঠাৎ ট্ৰেইনখন প্লেটফৰ্মত উঠে। আমি এই ঘটনাৰ কাৰণৰ তদন্ত কৰি আছো।’ তেওঁ আৰু কয় যে দুৰ্ঘটনাটোৰ ফলত আন যাত্ৰীবাসী ৰেলসমূহৰ চলাচলত কোনো বাধা হোৱা নাই।