ইউৰোপ মহাদেশৰ ভিয়েনা-অষ্ট্ৰিয়াত অনুষ্ঠিত হোৱা বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা সন্ধি (C.T.B.T.O.) সংগঠনে আয়োজন কৰা সন্মিলনত গৱেষণা পত্ৰ উপস্থাপন অসমৰ বিজ্ঞানীৰ।
ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী আছিল অসম সন্তান ড: অঞ্জন চমুৱা।
গৱেষণা পত্ৰৰ শিৰোনাম আছিল “মানৱ বিহীন বিমান (U.A.V.) প্ৰযুক্তি পাৰমানৱিক নিৰস্ত্ৰকৰণৰ বাবে এটা দায়িত্বশীল উদ্ভাৱন দৃষ্টিভংগী (২০২৩)।
এই গৱেষণা পত্ৰ উপস্থাপন কৰি সমগ্ৰ উত্তৰ পূৰ্ব্বাঞ্চল তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উক্ত সন্মিলনত ১৫০ খন দেশৰ মুঠ ১১৪৭ জন বিজ্ঞানী তথা গৱেষক উপস্থিত আছিল।
ড: অঞ্জন চমুৱা নিজা জন্মভূমি অসমৰ ডিমৌৰ সমীপৰ চকলীয়াত উপস্থিত হোৱাৰ লগে লগে অঞ্চলবাসীয়ে তেখেতক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
চকলীয়া গাঁৱৰ মহিলা সমিতিৰ লগতে চকলীয়া নামঘৰৰ জ্ঞাতিবৰ্গই তেওঁক স্বাগতম জনোৱাৰ লগতে আৰ্শীবাদ জনাইয়। চকলীয়া কেন্দ্ৰীয় নামঘৰৰ ভকত, নামঘৰৰ নামঘৰীয়া, পথালিবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা ডিব্ৰুগড় জিলাৰ কৃতীশিক্ষক, অসম ৰাজ্যিক শিক্ষক গৌৰৱ বঁটা প্ৰাপক প্ৰশান্ত চমুৱা আৰু অঞ্জলি চমুৱাৰ জ্যেষ্ঠ সুযোগ্য সন্তান ড: অঞ্জন চমুৱা।
ইয়াৰ আগতে তেখেতে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা ২০২৩ বৰ্ষত Mphil আৰু Phd ডিগ্ৰি লাভ কৰে। কটনত সহ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰা ড.অঞ্জন চামুৱাই গুৱাহাটীৰ আই.আই.টি ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰি লাভ কৰিছিল।
বৰ্তমান তেখেতে ‘জাৰ্ণেল অব ৰেচপনচিবল টেকন’ল’জি’ নামৰ এখন জাৰ্ণেলত সৰ্বকনিষ্ঠ তথা ভাৰতৰ একমাত্ৰ বিজ্ঞানী হিচাবে কাম কৰি আছে।তাৰোপৰি তেখেত বৰ্তমান ‘উনাইতেড নেচ’ন ডেভেল’পমেন্ট প্ৰগ্ৰেম’ত প্ৰজেক্ট অফিচাৰ হিচাবে কৰ্মৰত।