আৰক্ষী উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক লৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ সংবাদমেল।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত ডিজিপি জি পি সিঙে কয়, ‘‘১৬ তাৰিখে মাজনিশা এটা খবৰ আহিছিল যে জোনমণিৰ ৰাভাৰ মৃত্যু ঘটিছে। প্ৰাথমিক অনুসন্ধানৰ ওপৰত ভিত্তিত কৰি এই গোচৰটো CIDক দিয়া হৈছিল। তিনিদিন ধৰি এই গোচৰৰ তদন্ত চিআইডিয়ে কৰি আছে। যোৱাকালি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ঘটনাক সম্পৰ্কত জনোৱা হৈছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।’’
আৰক্ষী সঞ্চালকপ্ৰধানজনে কয়, ‘‘মই ডিজিপি হিচাপে সিদ্ধান্ত লৈছিলো যে আমাৰ হাতত এই ঘটনা সন্দৰ্ভত চাৰিটা গোচৰ আছে। নগাঁও থানাত এটা, লখিমপুৰ থানাত এটা আৰু জখলাবন্ধা থানাত দুটা গোচৰ ৰুজু হৈছিল। সমগ্ৰ গোচৰৰ তদন্ত চিবিআইক দিবলৈ অনুৰোধ জনাইছিলো। তাৰ উপৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মৰ্মে এই জিলা দুখনৰ সকলো আৰক্ষী বিষয়াসকলক বদলি কৰাৰ সিদ্ধান্ত লোৱা হয়।’’
জি পি সিঙে কয়, ‘‘চিআইডিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো সন্দেহ নাই। কিন্তু এই সিদ্ধান্ত জনসাধাৰণৰ আবেগ আৰু নিৰপেক্ষতাৰ খাতিৰত লোৱা হৈছে। দ্বিতীয় কাৰণ হ’ল আমাৰ এজন বিষয়া নিহত হৈছে, সেইবাবে নিৰপেক্ষ সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাটো প্ৰয়োজন। আমি আশা কৰিছো চিবিআয়ে স্বচ্ছ আৰু সঠিক তদন্ত কৰিব।’’
আনহাতে, ৩০ দিনৰ ভিতৰত নকল সোণৰ বেহা উৎখাত কৰাৰ আশ্বাসো প্ৰদান কৰিলে ডিজিপি জি পি সিঙে। লগতে আৰক্ষীক সকীয়নি দি কয়, অপৰাধজনিত কাৰ্যত জড়িত যিকোনো আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হ’ব মুখ্য কাৰ্যালয়। কাকো ৰেহাই দিয়া নহ’ব।
তেখেতে লগতে কয়, নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান চলিছে। ৭১জনক গ্ৰেপ্তাৰ কৰা হৈছে। ৩০ দিনৰ ভিতৰত নকল সোণ, জাল নোট চক্ৰ উৎখাত কৰা হ’ব।