লখিমপুৰত এতিয়া অপৰাধীৰ বুকুত কঁপনি তুলিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । আৰক্ষী অধীক্ষক আনন্দৰ মিশ্ৰৰ ধমকত এতিয়া আত্মসমৰ্পণ কৰিবলৈ লৈছে ইজনৰ পিছত সিজন অপৰাধীয়ে। আজিও নাওবৈচা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিলে ৫ জনে। সুৰজ আলী, চৰিয়ত আলী, ছৰিফুল ইছলাম, মফিদুল ইছলাম আৰু বাহিজুল ইছলাম (হাবি) নামৰ পাঁচজন বিভিন্ন আইনবিৰুদ্ধ কামত জড়িত লোকে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত ।
মঙলবাৰেও জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অন্যতম সন্দেহজনক অভিযুক্ত আতিকুলে আত্মসমৰ্পণ কৰে ৷ লগতে আত্মসমৰ্পণ কৰে আব্দুল ৰাজ্জাক আৰু বুঢ়ামুদ্দিন নামৰ আন দুজনেও । বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে আটাইকেইজনে।
ইফালে, আনন্দ মিশ্ৰৰ ধমকৰ পিছতে নকল সোণ আৰু জাল নোট সৰবৰাহকাৰীৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈছে । মঙলবাৰে বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে গেংষ্টাৰ আবু চহিদে ৷ আবু ছহিদৰ পিচত এক ঘণ্টাৰ ভিতৰত আৰু দুই গেংষ্টাৰে আত্মসমৰ্পণ কৰে ৷ মিজানুৰ ওৰফে মিজু আৰু চাইদুল্লাই আত্মসমৰ্পণ কৰে বঙালমৰা আৰক্ষী চকীত ৷
শেষতিয়াকৈ আজি উত্তৰ লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰে আজগৰ আলীয়ে । নকল সোণৰ সৈতে ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আনন্দ মিশ্ৰৰ ভয়ত ওলাই আহিল আজগৰ । এইজন আজগৰ আলীকেই আটক কৰি নিছিল জোনমণি ৰাভাই । পিছত আজগৰৰ মাতৃয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে দিছিল গোচৰ।
সংবাদ মাধ্যমৰ আগত আজগৰ আলীয়ে কয়, ‘‘ছাৰে কৈছে আহিব লাগে । মোৰ ভিডিঅ’ ভাইৰেল হৈ আছে কাৰণে মই আহিলো । ছাৰে ভাবিব পাৰে যে নিশ্চয় আজগৰ আলীও জড়িত আছে । ভয় লাগিছে আছে । মোৰ তিনি চাৰি বছৰ আগৰ ভিডিঅ’ ভাইৰেল কৰি আছে।’’