অৱশেষত আৰক্ষীৰ জালত পৰিল নগৰবেৰাৰ ভখুৰাদিয়াত সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত ।
কামৰূপৰ নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰবিউল হক আৰু আব্দুল মালেকক ।
যোৱা ১০ মে তাৰিখত গ্ৰেপ্তাৰ কৰিছিল ছানিদুল হক নামৰ আন এজন অভিযুক্তক । হত্যাকাণ্ডৰ সৈতে জড়িত আটাইকেইজন অভিযুক্ত ড্ৰাগছ ব্যৱসায়ৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে । যোৱা ৩০ এপ্ৰিলত চাৰি পাষণ্ডই হানি খুচি হত্যা কৰিছিল ভখুৰাদিয়া গাঁৱৰ লালচান্দ আলী নামৰ যুৱকজনক ।
এতিয়াও পলাতক হৈ আছে হত্যাকাণ্ডটোৰ সৈতে জড়িত আন এটা অভিযুক্ত । কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তৎপৰতাত নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই হত্যাকাণ্ডটোৰ সৈতে জড়িত তিনিজনকৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।বৰ্তমানলৈ হত্যাকাণ্ডটোৰ প্ৰকৃত কাৰণ সদৰি কৰা নাই আৰক্ষীয়ে। শীঘ্ৰেই পলাতক হৈ থকা আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।