আপৰ পৰা তাৎক্ষণিকভাবে নিলম্বন কৰা হ’ল কমল কুমাৰ মেধিক। ‘তিনি গগৈ’ সম্পৰ্কত কৰা সাম্প্ৰদায়িক মন্তব্যৰ বাবে নিলম্বন কৰা বুলি জনালে আপ অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে।
ফেচবুকত আহোম জাতিৰ বিষয়ে বিৰূপ মন্তব্য কৰাৰ বাবে তাৎক্ষণিকভাবে নিলম্বন কৰা হৈছে মেধিক।
উল্লেখ্য যে, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু সাংসদ গৌৰৱ গগৈয়ে শিৱসাগৰত শেহতীয়াভাৱে হাতে হাত ধৰি এখন ইংগিতপূৰ্ণ ফটো উঠিছিল ৷ যিখন ফটোৱে অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ তেজপুৰত যোৱা দেওবাৰে আপ, অসমৰ এখন কাৰ্যনিৰ্বাহক সভাৰ পিছতে কমল কুমাৰ মেধিয়ে তিনি গগৈ সন্দৰ্ভত সাংবাদিকৰ আগত কৈছিল – ‘তিনি গগৈয়ে নিৰ্বাচনত হাৰি পিছত ইজনে-সিজনক দোষাৰাপ কৰিব আৰু শেষত তিনিজনৰে মাজত মাত-বোল নাইকীয়া হ’ব ‘ এই মন্তব্যৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হয় ৷ কমল কুমাৰ মেধিৰ সমান্তৰালভাৱে ৰাজ্যিক আপ দলটোও সৰৱ সমালোচনাৰ সন্মুখীন হ’ল ।
নিলম্বনৰ পিছত কমল কুমাৰ মেধিয়ে ফেচবুকত আম আদমী পাৰ্টিক উদ্দেশ্যি এটা পোষ্ট শ্বেয়াৰ কৰে।
উল্লেখযোগ্য যে, কৃষক মুক্তিৰ এগৰাকী সক্ৰিয় কৰ্মী কমল কুমাৰ মেধিয়ে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলত পোনপ্ৰথমে যোগদান কৰে আৰু 2021 বৰ্ষত ৰাইজৰ দলৰ পৰাই ভৱানীপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় ৷ ইয়াৰ পিচতেই আপত যোগদান কৰে মেধিয়ে ৷ কিছুদিন পিচতে সক্ৰিয় কংগ্ৰেছ নেতা হিচাপে আত্মপ্ৰকাশ কৰে যদিও পুনৰ আপলৈ যায় কমল কুমাৰ মেধিয়ে ৷ সঘনে ৰাজনৈতিক পট পৰিৱৰ্তন হোৱা কমল কুমাৰ মেধিৰ আগন্তুক ৰাজনৈতিক যাত্ৰা কোন দিশে হ’ব তাকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সম্প্ৰতি চলিছে সৰৱ চৰ্চা ৷