আমেৰিকা ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ইজিপ্তলৈ উৰা মাৰিছে। ইজিপ্তত তেওঁ দুটা দিন অতিবাহিত কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম ইজিপ্ত ভ্ৰমণ।
ইজিপ্ত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাদশ শতিকাৰ ঐতিহ্যমণ্ডিত আল-হাকিম মছজিদ পৰিদৰ্শন কৰিব আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজি মৃত্যুবৰণ কৰা ভাৰতীয় জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব। ইয়াৰ বাবে তেওঁ হেলিঅ’পলিছ ৱাৰ গ্ৰেভ সমাধিক্ষেত্ৰ ভ্ৰমণ কৰিব।
প্ৰায় ১০০০ বছৰ পুৰণি এই মছজিদটো পুনৰ নিৰ্মাণ কৰাৰ অন্তত অৱশেষত শেহতীয়াকৈ ইয়াক মুছলিম ধৰ্মাৱলম্বীসকলৰ বাবে মুকলি কৰা হৈছে।
এই মছজিদটোত তেওঁ প্ৰায় আধা ঘণ্টা সময় অতিবাহিত কৰিব। উল্লেখ্য, এই মছজিদৰ আছে এক ইতিহাস। বিশ্বৰে প্ৰসিদ্ধ এই মছজিদ ১৬ সংখ্যক ফাতিমিদ খলিফা আল-হাকিম বাই-আমৰ আল্লাৰ (৯৮৫-১০২১) নামেৰে নামকৰণ কৰা হৈছে।
এই মছজিদটো দশম শতিকাৰ শেষৰ ফালে চনত আল-হাকিম বাই-আমৰ আল্লাৰ পিতৃ খলিফা আল-আজিজ বিল্লাহে নিৰ্মাণ কৰিছিল ।
অন্তিম তথা প্ৰথমবাৰৰ বাবে ১৯৯৭ চনতেই ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিক কাৰ্যসূচীৰে দ্বিপাক্ষিক বৈঠকৰ বাবে ইজিপ্ত ভ্ৰমণ কৰিছিল। তাৰ পাছত মোডীৰ এই ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো তেনে ভ্ৰমণ বুলি চিহ্নীত হৈছে।