আমগুৰি ৰেল ষ্টেচনত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

আমগুৰি ৰেল ষ্টেচনত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।

বৰাহীবাৰীত ৰেল ক্ৰচিং বা ৰেল পথৰ তলেৰে পথ মুকলি আৰু একমাত্ৰ দুটা পথত গধুৰ পকা খুটা পাৰি দি প্ৰায় ৩০ খন গাৱৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত ৰেল বিভাগে বিপদত পেলোৱাৰ বিৰুদ্ধে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু বৰাহীবাৰী ৰাইজৰ সহযোগত আমগুৰি ৰেলৱে ষ্টেচনত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।

ৰেলৱে বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰী সকলে।

যদিহে ৰেলৱে বিভাগে সাত দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আমগুৰিত ৰেল অৱৰোধ কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিলে প্ৰতিবাদকাৰী সকলে।