আমগুৰি সমষ্টি বিলুক্তি কৰণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ।

আমগুৰি সমষ্টি বিলুক্তি কৰণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ।

আমগুৰি সমষ্টি সুৰক্ষা সমিতি সহযোগত প্ৰতিবাদ।

অসমৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰা এই গণ প্ৰতিবাদী সভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন , বিধায়ক মনোৰঞ্জন তালুকদাৰ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, চিপিআইৰ কনক গগৈ আৰু বিৰ লাচিত সেনাৰ শৃংখল চলিহা উপস্থিত থাকি ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ খচৰাক নসাৎ কৰে।

গণ অৱস্থান কাৰ্যসূচীত উপস্থিত থাকি ৰকিবুল হুছেইনৰ তীৰ্যক মন্তব্য –
মূখ্যমন্ত্ৰীৰ বুদ্ধি ভ্ৰষ্ট হৈছে। বদৰুদ্দিন আজমলক সহায় কৰিবলৈ বদৰুদ্দিনৰ সমষ্টিত নতুনকৈ দুটা সমষ্টি দিব বিচাৰিছে।

৩০ বছৰৰ কাৰণে জাতিক সুৰক্ষিত কৰাতকৈ এশ বছৰৰ কাৰণে সুৰক্ষিত কৰক।

৬ টা জনগোষ্ঠীক জনজাতি মৰ্য্যদা প্ৰদান কৰক।

৫১% জনজাতি হৈ যায় তেতিয়া হ’লে মুখ্যমন্ত্ৰী জনজাতিৰ বাবে সুৰক্ষিত হব।

আজমলৰ ৰাজনৈতিক জীৱন সুৰক্ষা কৰিবলৈ সমষ্টি পুণৰ নিৰ্ধাৰন কৰা হৈছে।

বদৰুদ্দিন আজমলৰ সহযোগত মুখ্যমন্ত্ৰী হব খুজিছে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈৰ হুংকাৰ – কোনো কাৰণত সমষ্টি বিলুপ্তিকৰণৰ কৰিবলৈ দিয়া নহ’ব। শিৱসাগৰ সমষ্টিৰ কৰ্তন কৰিবলৈয়ো দিয়া নহ’ব।