আমগুৰি বিধানসভা সমষ্টি বিলুপ্তি, বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰতিক্ৰিয়া ।

আমগুৰি বিধানসভা সমষ্টি বিলুপ্তি, বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰতিক্ৰিয়া ।

মুখ্যমন্ত্ৰীক আন্তৰিকতাৰে সমগ্ৰ বিষয়টো বিবেচনা কৰিবলৈ আহ্বান বিধায়ক প্ৰদীপ হাজৰিকাৰ। আমগুৰি সমষ্টি নাইকীয়া কৰাটো কোনেও মানি ল’ব পৰা নাই আৰু ই অত্যন্ত দুখজনক বুলি উল্লেখ বিধায়ক প্ৰদীপ হাজৰিকাৰ। আমগুৰি সমষ্টিত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব।

আমগুৰি সমষ্টিৰ শক্তিশালী ৰাজনৈতিক বুৰঞ্জী আছে। আমগুৰি সমষ্টিতে কংগ্ৰেছৰ বিমলা প্ৰসাদ চলিহা খগেন বৰবৰুৱাৰ হাতত পৰাস্ত হৈছিল। এনে এটা সমষ্টি বিলুপ্ত কৰাটো কোনোপধ্যে ৰাইজে মানি নলয় আৰু তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।