আমগুৰি বিধানসভা সমষ্টিৰ পুনৰ্গঠনৰ প্ৰথমখন খচৰা ঘোষণা হোৱাৰ লগে লগে আমগুৰিত উত্তপ্ত পৰিস্থিতি।

আমগুৰি বিধানসভা সমষ্টিৰ পুনৰ্গঠনৰ প্ৰথমখন খচৰা ঘোষণা হোৱাৰ লগে লগে আমগুৰিত উত্তপ্ত পৰিস্থিতি।

জনসংখ্যাৰ ভিত্তিত অসম বিধানসভাৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা প্ৰথমখন খচৰা যোৱা কালি ২০ জুন তাৰিখে ঘোষণা হোৱাৰ পিছত আজি আমগুৰিৰ বিভিন্ন দল-সংগঠনে ঐক্যবদ্ধভাবে আমগুৰি নগৰত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে প্ৰকাশ হোৱা প্ৰথমখন খচৰা অনুসৰি ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তি কৰা হৈছে।

আমগুৰি বিধানসভা সমষ্টিৰ কিছু অংশ নাজিৰা আৰু কিছু অংশ শিৱসাগৰ বিধানসভা সমষ্টিত বিলয় কৰা হৈছে।

বিষয়টি গুৰুত্বতা প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদীসকলে কালিলৈৰ পৰা দহ জুলাই তাৰিখলৈ ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।