আমগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আন্তঃ ক্লাব ফুটবল টুৰ্নামেন্ট আৰম্ভ। বোকাময় অসমান খেলপথাৰতে অনুৰ্ধ্ব ১৩ শাখাৰ টুৰ্নামেন্ট সম্পন্ন।
ভাৰতীয় ফুটবল ফেডাৰেচনৰ মিছন-২০৪৮ আগত ৰাখি দেশৰ উদীয়মান খেলুৱৈসকলক ওলিয়াই অনাৰ প্ৰয়াসেৰে বিভিন্ন ক্ৰীড়া সন্থাৰ অন্তৰ্গত লীগ টুৰ্নামেন্ট ফুটবল অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ আহ্বানত আমগুৰি ক্ৰীড়া সন্থাৰ অন্তৰ্গত ক্লাবসমূহক লৈ অনুৰ্দ্ধ ১৩, ১৫ আৰু ১৭ শাখাত অনুষ্ঠিত হৈছে লীগ টুৰ্নামেন্ট। অনুৰ্ধ্ব ১৩ বছৰ শাখাৰে আৰম্ভ হোৱা টুৰ্নামেন্টত আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ দলে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। দলটিয়ে ফাইনেলত আমগুৰি ক্ৰীড়া সন্থাৰ দলক একমাত্ৰ গলৰ ব্যৱধানত পৰাজিত কৰে। তাৰ্কিক নেওগৰ কীকত দঞি টাইয়ে সুন্দৰ হেডাৰেৰে বিজয়সূচক গ’লটো দিয়ে।
অনুৰ্ধ্ব ১৩ শাখাত মুঠ পাঁচটাকৈ দলে অংশগ্ৰহণ কৰে। টুৰ্নামেন্টত আমগুৰি অঞ্চলৰ উদীয়মান এচাম ক্ৰীড়া প্ৰতিভাৰ সমাহাৰ ঘটে। লীগ হ’লেও টুৰ্নামেন্টখনি নক আউট পদ্ধতিৰে অনুষ্ঠিত কৰা হয়।
আনহাতে আমগুৰিত ক্ৰীড়া ক্ষেত্ৰত দুৰ্বল আন্তঃগাথঁনিক লৈ ক্ৰীড়াপ্ৰেমিক উদ্দিগ্ন কৰি তোলে। আমগুৰিত বিভিন্ন খেলপথাৰ থকাৰ পাছতো অনুৰ্ধ্ব ১৩ শাখাৰ দৰে অতিকৈ স্পৰ্শকাতৰ শাখাৰ বাবে এখন উপযুক্ত খেলপথাৰ নিৰ্বাচন কৰিব নোৱাৰাটো আমগুৰি ক্ৰীড়া সন্থাৰ এক দূৰ্বল দিশ ৰূপে পৰিগণিত হয়। ইয়াৰোপৰি বয়স নিৰ্ণয়ৰ বিজ্ঞানসন্মত ব্যৱস্থা অভাৱত একাধিক দলৰ খেলুৱৈৰ বিৰুদ্ধে বয়স ফাঁকিৰ আশ্ৰয় লোৱাৰো অভিযোগ উত্থাপিত হৈছে।