আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কৃতী ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান। সৰ্বমুঠ ১৭৮ গৰাকী কৃতী ছাত্ৰ ছাত্ৰী অভিনন্দন জ্ঞাপন।
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আমগুৰি এলেকাৰ চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে।
যোৱা বুধবাৰে, আমগুৰি ৰাজহুৱা ভৱনত সৰ্বমুঠ ১৭৮ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়।
আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰোহিত চেত্ৰীয়ে আঁত ধৰা অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰে আঞ্চলিকৰ মুখ্য উপদেষ্টা তথা শিৱসাগৰৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অম্লান জ্যোতি মহন্তই। অনুষ্ঠানত আমগুৰি ৰাজহ চক্ৰ বিষয়া মিতালী লাহন, আমগুৰি খণ্ড উন্নয়ন বিষয়া অংকন জ্যোতি ফুকন, নিলাক্ষী মেম’ৰিয়েল একাডেমীৰ অধ্যক্ষ ধৰ্মৰঞ্জন গগৈ, নৰ্থ ইষ্ট একাডেমীৰ অধ্যক্ষ সুৰেন বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমীৰণ ফুকন, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চন্দ্ৰ দাস, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, আমগুৰি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ৰত্নামনি কোঁৱৰ প্ৰমুখ্যে গন্যমান্য ব্যক্তিসকল উপস্থিত থাকে।