আমগুৰিৰ চামগুৰি দৈনিক বজাৰ নিবিদাৰ জৰিয়তে লেচীক গতাবলৈ বিচৰা কাৰ্যত থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া।
এইবাৰ এখন থলুৱা ব্যৱসায়ীৰ দৈনিক বজাৰৰ ওপৰত চকু পৰিল ৰজাঘৰীয়াৰ। আমগুৰিৰ চামগুৰিৰ দৈনিক বজাৰ খনত স্থানীয় গঞা ৰাইজে কেই মুঠিমান শাক, কেইবিধ মান পাচলি, কেই আখি মান কল, কেইটামান নেমুটেঙা, কেইটামান জলকীয়া, বাহেৰে তৈয়াৰী কিছু সামগ্ৰী বিয়লি সময়ত এই বজাৰত বিক্ৰী কৰি সামান্য পৰিমাণৰ উপাৰ্জনেৰে নিজৰ পৰিয়াল পোহ পাল দি আহিছে।
এইবাৰ এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ওপৰত শেনচকু পৰিল ৰজাঘৰীয়াৰ। চামগুৰি দৈনিক বজাৰ খন নিবিদাৰ জৰিয়তে লেচীক গতাবলৈ বিচৰাৰ লগে লগে গৰজি উঠিছে ব্যৱসায়ীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি।
পাঁচ টকা দহ টকা বুটলা এই বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে বজাৰ খন লেচিক গতাব বিচৰাক কোনো পধ্যেই মানি নলয়। লগতে এই দৈনিক বজাৰ খন নিবিদাৰ জৰিয়তে লেচিক গতাব বিচৰা কাৰ্যৰ বিৰোধীতা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা কাৰ্যকৰী সভাপতি দুলু হাজৰিকাই।
কোনো চকু চৰহা লোকৰ হেচাত ৰজাঘৰীয়াই এনে সিদ্ধান্ত লোৱাৰো অভিযোগ উত্থাপন কৰিলে দুলু হাজৰিকাই। এই বজাৰ খনক কোনো কাৰণতে লেচিৰ হাতলৈ নিদিয়ে বুলি কৃষক নেতা দুলু হাজৰিকাই সংবাদ মাধ্যমৰ আগত স্পষ্ট মত প্ৰকাশ। প্ৰয়োজন সাপেক্ষে ক্ষুদ্ৰ ব্যৱসায়ীৰ সহযোগত ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।