আমগুৰিত মূখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতা সম্পন্ন। বৰবাম একাদশ চুড়ান্ত বিজয়ী।
শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত আমগুৰিৰ বাঘজান চাহ বাগিচাৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চাহ জনজাতি আৰু আদিবাসী অনুৰ্ধ্ব ১৯ বছৰ মূখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতাৰ সম্পন্ন হয়।
সমষ্টি ভিত্তিক অনুষ্ঠিত প্ৰতিযোগিতাখনিত সাতখন চাহ বাগিচাৰ মুঠ সাতটা দলে অংশগ্ৰহণ কৰে। বৰবাম একাদশে বাঘজান একাদশক টাইব্ৰেকাৰৰ জৰিয়তে ৫-৩ গলৰ ব্যৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। নিৰ্দ্ধাৰিত সময়ত খেলখন ১-১ গলত ড্ৰ হয়।
শিৱসাগৰ জিলা ৰেফাৰী সন্থাৰ হৈ বিশ্বজিৎ গগৈয়ে মুখ্য পৰিচালকৰ দায়িত্ব পালন কৰা চুড়ান্ত খেলত সীমান্ত দুৱাৰা আৰু পৰাগ শৰ্মাই সহকাৰী পৰিচালক তথা পঞ্চমী বৰুৱাই চতুৰ্থ পৰিচালক হিচাপে সেৱা আগবঢ়ায়।
চুড়ান্ত খেলখনিৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা ক্ৰীড়া সংগঠক অনন্ত কাকতিয়ে। অনুষ্ঠানত লালিমচাপৰী গাঁও পঞ্চায়তৰ সভাপতি তথা ক্ৰীড়া সংগঠক শশাঙ্ক গগৈ, আমগুৰি ক্ৰীড়া সন্থাৰ সম্পাদক চিত্তৰঞ্জন গগৈ, আৰ্চাৰী প্ৰশিক্ষক ৰাজু টাই, সমাজকৰ্মী দীপক গগৈ, সুৰভী গগৈ উপস্থিত থাকে। খেলৰ শেষত বঁটা বিতৰণ কৰা হয়।