আমগুৰিত তৃতীয় শ্ৰেণীৰ ছাত্ৰ অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা

আামগুৰিঃ আমগুৰিত ছাত্ৰ অপহৰণ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আমগুৰিৰ মন্টেছৰী জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ এজন ছাত্ৰ অনিকেত দুৱৰীক শ্ৰেণী কোঠাৰপৰা বলপূৰ্বক অপহৰণ অভিযোগ উত্থাপিত হয়। এগৰাকী মহিলা আৰু দুই পুৰুষ সমগ্ৰ ঘটনাৰ সৈতে জড়িত বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

পৰৱৰ্তী সময়ত মাতৃয়ে বলপূৰ্বক ভাৱে বিদ্যালয়ৰ শ্ৰেণী কোঠাৰপৰা শিক্ষয়িত্ৰীক ভাবুকি প্ৰদান কৰি ছাত্ৰ অনিকেতক চোঁচৰাই লৈ যোৱা বুলি নিশ্চিত কৰে বিদ্যালয় কতৃপক্ষই।

আমগুৰি মন্টেছৰী জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ অনিকেতৰ আইতাক আৰু পিতৃয়ে অনিকেতৰ মাতৃ পূজা দাস বুলি চিনাক্ত কৰিছে মহিলাগৰাকীক। মহিলা গৰাকীৰ ঘৰ যোৰহাটৰ গড়মূৰত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে অনিকেতৰ পিতৃ মাতৃ যোৱা তিনিটা বছৰ পৃথকে পৃথকে বসবাস কৰি আছে। পুত্ৰৰ সৈতেও মাতৃৰ কোনো সম্পৰ্ক নাছিল যোৱা তিনিবছৰ ধৰি। যোৱা তিনিবছৰে অনিকেতে পিতৃ আৰু আইতাকৰ লগত আমগুৰি মাজগাঁৱত বসবাস কৰি আহিছে।

ৰাতিপুৱা মাতৃ আৰু লগত অহা দুজন পুৰুষে বলপূৰ্বক অনিকেতক লগ কৰিবলৈ আহিছিল। শিক্ষয়িত্ৰীৰ ভাষ্য অনুসৰি পুৰুষ দুজনে তেওঁলোকৰ সৈতে বাক-বিতণ্ডা কৰি থকাৰ সুযোগতে মাতৃয়ে বলপূৰ্বক অনিকেতক লৈ বিদ্যালয়ৰ পৰা উধাও হয়। ফলত অনিকেতৰ কিতাপৰ বেগ শ্ৰেণী কোঠাতেই ৰৈ যায়।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ আৰু পিতৃৰ তৰফৰপৰা দুখনকৈ এজাহাৰ আমগুৰি আৰক্ষী থানাত দাখিল কৰা হৈছে। ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।