আমগুৰিঃ আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল । আমগুৰি এলেকাৰ মাজেৰে বাৰ্মিজ চুপাৰি, চিগাৰেট, আফিং, সোণ আদি অবৈধভাৱে সৰবৰাহৰ অভিযোগ ।
ৰাজ্য চৰকাৰৰ বিয়াগোম মন্ত্ৰী আমোলাৰ ছত্ৰ-ছায়াতে আমগুৰি, হালোৱাটিং, টীয়ক, শিৱসাগৰ, বৰপেটা, গুৱাহাটীৰ একাংশ ব্যৱসায়ী আৰু দালালে এই অবৈধ সৰবৰাহৰ ক্ষেত্ৰত ধনৰ বিনিময়ত হাত উজান দিয়াৰো অভিযোগ জাতীয় সংগঠনটোৰ ।
সংগঠনটোৰ অভিযোগৰ আঙুলি বহু সৰু-বৰ ব্যৱসায়ী-দালালৰ পৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী, আৰক্ষী-প্ৰশাসনলৈ । শীঘ্ৰে এই চিণ্ডিকেট ব্যৱস্থা বন্ধ নকৰিলে এই সংবাদ মেলৰ পৰাই নিজে ৰাজ পথত নামি পৰাৰ সঁকিয়নি জনালে সংগঠনটোৰ শীৰ্ষ নেতৃত্বই ।