আধাৰ কাৰ্ডৰ অবিহনেও দিব পাৰিব ভোট : সৰ্বোচ্চ ন্যায়ালয়ক জনালে নিৰ্বাচন আয়োগে

আধাৰ নম্বৰ অবিহনেও হ’ব পাৰিব ভোটাৰ। হয়, আজি নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত কয় যে আধাৰ নম্বৰ অবিহনেও ভোটাৰ হ’ব পাৰে। প্ৰাপ্তবয়স্ক নাগৰিকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ প্ৰ-পত্ৰত আধাৰ কাৰ্ড বা নম্বৰ পূৰণ কৰাটো বাধ্যতামূলক নহয়।

নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত ভোটাৰ পঞ্জীয়ন (সংশোধনী) নিয়ম, ২০২২ৰ ২৬-বি নিয়মৰ অধীনত আধাৰ নম্বৰ দাখিল কৰাটো বাধ্যতামূলক নহয় বুলি কয়।

বৃহস্পতিবাৰে শুনানিৰ সময়ত নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত কয় যে আধাৰ নম্বৰৰ উপলব্ধতাৰ কথা মনত ৰাখি ভোটাৰ তালিকাত নতুন ভোটাৰ সংযোজন আৰু পুৰণি ভোটাৰৰ ৰেকৰ্ড উন্নীতকৰণৰ বাবে ফৰ্ম সলনি কৰিব। ইয়াত স্পষ্ট কৰা হ’ব যে ভোটাৰ আইডি কাৰ্ডৰ বাবে আধাৰ ঐচ্ছিক।

আয়োগৰ অধিবক্তা অমিত শৰ্মাই কয় যে ২৬ নং নিয়মৰ অধীনত আধাৰ নম্বৰৰ কথা উল্লেখ কৰাটো ইয়াৰ পূৰ্বেও বাধ্যতামূলক নাছিল।

জ্যেষ্ঠ অধিবক্তা সুকুমাৰ পাটযোশী আৰু অধিবক্তা অমিত শৰ্মাই কয় যে বৰ্তমান ৬৬ কোটি ২৩ লাখ আধাৰ নম্বৰ আপলোড কৰা হৈছে।

উল্লেখ্য যে বিগত ২৭ ফেব্ৰুৱাৰীত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছিল।