আদৰ্শ জাতীয় বিদ্যালয়, ধুহিৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আয়োজন ৷৷

ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত বেচৰকাৰী শিক্ষানুষ্ঠান আদৰ্শ জাতীয় বিদ্যালয়, ধুহিৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আগন্তুক বৰ্ষৰ ছয় আৰু সাত জানুৱাৰীত আয়োজনৰ ব্যাপক প্ৰস্তুতি কৰিছে৷

ইতিমধ্যে উক্ত সমাৰোহ উদযাপনৰ বাবে বিদ্যালয়ৰ প্ৰধানশিক্ষয়ত্ৰী অলকা শইকীয়াক সভাপতি, তৰিকুল ইছলাম, মোক্তাব আহমেদক কাৰ্য্যকৰী সভাপতি, চৈয়দ নজৰুল ইছলাম উপসভাপতি, চৈয়দ নোৱাজ শ্বৰীফ(পাপু), মজদুল ইছলাম প্ৰধান সম্পাদক, ইনতাজুৰ ৰহমান আৰু চবিনা আখতাৰক সহঃসম্পাদক হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰিছে৷

ৰবিবাৰে উক্ত উদযাপন সমিতিৰ আহ্বানত প্ৰাক্তন ছাত্ৰছাত্ৰী, অভিভাৱক, হিতাকাংক্ষী আৰু শিক্ষক শিক্ষয়িত্ৰীক লৈ দিনৰ ১১-৩০ বজাত বিদ্যালয় প্ৰাংগনত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷ সভাত সভাপতিত্ব কৰে সমাজকৰ্মী মুছলিমুদ্দিন আহমেদে৷ সভাৰ আৰম্ভণিতে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ সভাপতি অলকা শইকীয়াই সকলোকে উদ্দেশ্যি আদৰণি ভাষন দিয়ে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ প্ৰধান সম্পাদক নোৱাজ শ্বৰীফে৷

উল্লেখ কৰিবলগীয়া যে ১৯৯৪ চনত কেইজনমান অত্যুত্সাহী সমাজসেৱী লোকৰ প্ৰচেষ্টাত স্থাপন হৈছিল উক্ত শিক্ষানুষ্ঠানৰ৷ আজিৰ সভাত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ খনি কেনেদৰে পৰিচালনা কৰা হব তাৰে ওপৰত কেইবাজনো বক্তাই বিশদ আলোচনা কৰাৰ লগতে পৰামৰ্শ আগবঢ়াই৷ আনহাতে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো আজিৰ সভাতে সিদ্ধান্ত গ্ৰহণ কৰে৷ স্মৃতিগ্ৰন্থ সম্পাদনাৰ বাবে ইছলামুদ্দিন আহমেদক সভাপতি, ভবেশ বৈশ্য আৰু চিৰাজুদ্দিন আহমেদক উপসভাপতি, গগন চন্দ্ৰ কলিতাক মুখ্য সম্পাদক, আবেদ আলি আৰু মোস্তাকিনৰ ৰহমানক যুটীয়া সম্পাদক আৰু প্ৰদক্ষিণা কলিতা, হেলিমুদ্দিন আহমেদক সহঃসম্পাদকৰ দায়িত্ব দিয়ে৷ উল্লেখ্য যে উক্ত সভাতে প্ৰচাৰ উকসমিতি খনো গঠন কৰে৷ ইয়াৰোপৰি পৰবৰ্তী সময়ত অন্য উপসমিতি সমূহো পৰ্য্যয়ক্ৰমে গঠন কৰিব বুলি উদযাপন সমিতিয়ে জানিব দিছে৷