আজি world heart day

আজি world heart day. ২০০০ চনৰে পৰা বছৰি বিশ্বত WORLD HEART DAY উদযাপন কৰি অহা হৈছে।

World heart day লগত সংগতি ৰাখি শিৱসাগৰতো আজি চ্যুকাফা হস্পিটেলৰ উদ্যোগত পুৱাৰে পৰা কেতবোৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

হৃদযন্ত্ৰ ভালে ৰাখিবলৈ সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

এই উপলক্ষে পুৱা ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা উলিওৱা হয় চাইকেল ৰেলী। শতাধিক লোকে অংশগ্ৰহণ কৰা এই চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে অ’ এন জি চিৰ অসম সম্পদৰ ই ডি আৰ কে শৰ্মাই।

হৃদযন্ত্ৰ ভালে ৰাখিবলৈ সজাগতা সৃষ্টিৰে উলিওৱা হয় ৰেলী। সম্প্ৰতি বিশ্বত হৃদৰোগত আক্ৰান্ত হৈ বহু লোকৰ অকালতে মৃত্যু হৈছে। হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে তাৰো পৰামৰ্শ আগবঢ়ায় চ্যুকাফা হস্পিটেলৰ চিকিৎসা তথা স্বাস্থ্য কৰ্মী সকলে। কাৰ্যসূচীত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱেও অংশগ্ৰহণ কৰে।