ডিজিটেল ডেক্সঃ আজি শাৰদীয় দুৰ্গা পূজাৰ ষষ্ঠী। বেলবোধনেৰে দেৱীক আদৰিবলৈ সাজু ৰাজ্যবাসী। ৰাজ্যজুৰি দেৱী বন্দনাৰ মহাআয়োজন। নৱপত্ৰিকা প্ৰৱেশেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা দেৱীক।
মহীষমৰ্হিদিনীৰ আৰাধনাৰে মুখৰ হ’ব আকাশ-বতাহ। মণ্ডপে মণ্ডপে চলিছে পূজাৰ অন্তিম প্ৰস্তুতি। জাগ্ৰত শক্তিপীঠসমূহতো দেখা গৈছে উখল-মাখল পৰিৱেশ। ভক্তক চমক দিবলৈ সাজু প্ৰতিখন পূজা সমিতি।
উল্লেখ্য যে, আজি নৱৰাত্ৰিৰ ষষ্ঠ দিন। আজি পূজা কৰা হয় মা দুৰ্গাৰ ষষ্ঠ স্বৰূপ মা কাত্যায়নী দেৱীক। মা কাত্যায়নী দেৱীৰ পূজাৰ অৰ্থ, ধৰ্ম, কাম আৰু মোক্ষপ্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয়। মা কাত্যায়নী দেৱীক ৰঙা ফুল আৰু ৰঙা বস্ত্ৰ অৰ্পণ কৰা হয়।
আনহাতে মৌৰে বনোৱা মিঠাই, ভোগ দেৱীক অৰ্পণ কৰা হয়। মা কাত্যায়নী দেৱীৰ স্ৱৰূপ তেজস্ৱী । মা কাত্যায়নী দেৱী চতুৰ্ভুজা। তেওঁৰ ওপৰৰ হাতত তৰোৱাল আৰু তলৰ হাতত পদুম ফুল থাকে।