দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত নলবাৰীবাসীৰ বাবে সুখবৰ । মুকলি হোৱাৰ দিশে নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতু । আজি মুকলি হব নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু ।
প্ৰজ্ঞা সেতু নামেৰে নামাকৰন নলবাৰীৰ এইখন হ’ব প্ৰথমখন উৰণীয়া সেতু । নলবাৰী হৰিমন্দিৰৰ পৰা গণেশ মন্দিৰলৈ সংযোগ এইখন উৰণীয়া সেতু ।
পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ উপস্থিতিত উৰণীয়া সেঁতু খনৰ আধাৰশিলা স্থাপন কৰিছিল ২০১৭ চনতেই ।
আজি মুখ্যমন্ত্ৰী ড০. হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণীয়া সেতুখন । সেই উপলক্ষে আজি মুখ্য মন্ত্ৰী উপস্থিত হৈছেহি নলবাৰীত। তেখেতক সংগ দিছে সাংসদ দিলিপ শইকীয়া আৰু স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই।
নলবাৰী হৰিমন্দিৰৰ সমীপৰ ৰেলেৱে ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা সেঁতুখনৰ বাবে দীৰ্ঘদিন ধৰি যানজঁটৰ সমস্যাত ভুগি আহিছিল পথচাৰী । উল্লেখযোগ্য যে নলবাৰী হৰিমন্দিৰৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথছোৱা বিগত পাঁচ বছৰে দলং নিৰ্মাণৰ বাবে বন্ধ হৈ পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী লোকে ৩ কিলোমিটাৰ পথ দূৰেৰে অতিক্ৰম কৰি যাব লগা হৈছিল ।
৪৭ লাখ টকা ব্যয় সাপেক্ষে ডি ডি শৰ্মা কনষ্ট্ৰাকছনে নিৰ্মাণ কৰা উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাত অতিষ্ঠ হৈ পৰিছিল ৰাইজ । ৪৬৫ মিটাৰ দৈৰ্ঘৰ দলংখন বিভিন্ন কাৰণত সময় উকলি যোৱাৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাছিল । যাৰ বাবে যানজঁটৰ সমস্যা হ্ৰাস কৰা আৰু উৰণীয়া সেঁতু শীঘ্ৰে মুকলিৰ বাবে দাবী জনাই আহিছিল বিভিন্ন দল সংগঠনে ।