ইণ্টাৰনেচনেল ডেক্সঃ বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইলত উপস্থিত হোৱাৰ পাছত আজি ব্ৰিটেইনৰ প্রধানমন্ত্রী ঋষি ছুনাক উপস্থিত হয় ইজৰাইলত ।
বাইডেনৰ পাছত ঋষি ছুনাকৰ ইজৰাইল ভ্রমণক লৈ আৰম্ভ হৈছ ব্যাপক চৰ্ছা ।
অইজৰাইলত উপস্থিত হৈ যুদ্ধৰ ধ্বংসলীলা দেখি শোক প্রকাশ কৰে ঋষি ছুনাকে। ইজৰাইলৰ নাগৰিকৰ দুখ দুৰ্দশা দেখি শোক প্রকাশ কৰা ব্ৰিটেইনৰ প্রধানমন্ত্রী গৰাকীয়ে সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণক গৰিহণা দিয়াৰ লগতে সন্ত্রাসবাদৰ বিৰুদ্ধে ইজৰাইলৰ লগত আছো বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে, বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইলত উপস্থিত হোৱাৰ সময়ত , ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হৈছিলগৈ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যায়াহু । ইজৰাইলৰ প্রধানমন্ত্রী গৰাকীৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত হামাছক সন্ত্রাসবাদী সংগঠন বুলি কোৱাৰ লগতে হামাছৰ ইজৰাইল আক্রমণ মানৱতা বিৰোধী বুলি কয় যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।