আজি বিশ্ব মস্তিস্ক দিৱস

শৰীৰৰ অন্যান্য অংশৰ স্বাস্থ্যৰ লগতে আমাৰ মগজুক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। আৰু সেইবাবেই মগজুৰ স্বাস্থ্য আৰু বিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ২২ জুলাইত বিশ্ব মগজু দিৱস পালন কৰা হয়।

এইবাৰ ৱৰ্ল্ড ফেডাৰেচন অৱ নিউৰ’লজী (ডব্লিউ এফ এন) আৰু এম এছ ইণ্টাৰনেশ্যনেল ফেডাৰেচনে (এম এছ আই এফ) স্নায়ুজনিত ৰোগ মাল্টিপল স্ক্লেৰ’ছিছ (এম এছ)ৰ সজাগতা সৃষ্টিৰ উদ্যোগ লৈছে, যিটো স্নায়ুজনিত ৰোগ যাৰ প্ৰভাৱ জ্ঞানশক্তিৰ অক্ষমতাৰ পৰা আৰম্ভ কৰি উল্লেখযোগ্য শাৰীৰিক অক্ষমতালৈকে।

এইবাৰৰ বিশ্ব মস্তিস্ক দিৱসৰ বিষয়বস্তু :

এইবাৰৰ বিশ্ব মগজু দিৱসৰ বিষয়বস্তু হৈছে ‘মাল্টিপল স্ক্লেৰ’ছিছ বন্ধ কৰক’, সমগ্ৰ বিশ্বতে এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। এইবাৰ ডব্লিউ এফ এন আৰু এম এছ আই এফে আমেৰিকান একাডেমী অৱ নিউৰ’লজী, ইউৰোপিয়ান একাডেমী অৱ নিউৰ’লজী আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সহায় লাভ কৰে।

এই দিনটোৰ তাৎপৰ্য :

ৱৰ্ল্ড ফেডাৰেচন অৱ নিউৰ’লজীৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ ২৮ লাখৰো অধিক লোক এই মাল্টিপল স্ক্লেৰোচিছৰ দ্বাৰা আক্ৰান্ত। বিশ্বৰ বহু ঠাইত এই ৰোগৰ বাবে চিকিৎসা আৰু স্বাস্থ্য বৃত্তিৰ কোনো প্ৰশিক্ষণ নাই আৰু সেয়েহে এম এছৰ বাবে সজাগতা সৃষ্টিৰ বাবে সৃষ্টি কৰা বিশ্ব মগজু দিৱসৰ দৰে দিন আৰু অধিক তাৎপৰ্যপূৰ্ণ।

ইতিহাস :

২০১৩ চনৰ ২২ ছেপ্টেম্বৰত ডব্লিউ চি এন কাউন্সিল অৱ ডেলিগেটছ এছেম্বলীৰ জনসচেতনতা আৰু ওকালতি সমিতিয়ে ২২ জুলাইক বিশ্ব মগজু দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱটোৱে উষ্ম আদৰণি লাভ কৰিছিল আৰু ঠিক পিছৰ বছৰতে কাৰ্যকৰী হৈছিল।

২০১৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল আৰু এইবাৰ অষ্টম বিশ্ব মগজু দিৱস। এইবাৰৰ অভিযানৰ দুটা অংশ হৈছে ডব্লিউ এফ এন আৰু এম এছ আই এফ, যিয়ে এম এছ ৰোগী, তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু স্বাস্থ্য পেছাদাৰী আৰু সাধাৰণ জনতাক দিনটোত যোগদান কৰি মাল্টিপল স্ক্লেৰ’ছিছৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। ডব্লিউ এফ এনৰ মুৰব্বী টিছা উইজ্ৰণ্টে কয় যে প্ৰতি পাঁচ মিনিটৰ মূৰে মূৰে পৃথিৱীৰ কোনোবা এজনৰ মাল্টিপল স্ক্লেৰ’ছিছ ধৰা পৰে। এই ৰোগৰ পৰা সকলোকে বচাবলৈ বিশ্বজুৰি সজাগতা আৰু শিক্ষাৰ প্ৰয়োজন।

মাল্টিপল স্ক্লেৰোচিছ কি :

মাল্টিপল স্ক্লেৰচিছ (MS) হৈছে এক প্ৰকাৰৰ ডি-মাইলিনেটিং ৰোগ যিয়ে মানুহৰ মগজু আৰু মেৰুদণ্ডৰ স্নায়ুকোষৰ ইনচুলেটিং আৱৰণৰ ক্ষতি কৰে। এই ক্ষতিৰ ফলত স্নায়ুতন্ত্ৰৰ কিছু অংশই অন্য অংশৰ সৈতে যোগাযোগ স্থাপনৰ ক্ষমতাত বাধাৰ সৃষ্টি হয় আৰু ফলত শাৰীৰিক আৰু মানসিক লক্ষণৰ বিস্তৃত পৰিসৰৰ সৃষ্টি হয়। এই লক্ষণসমূহৰ ভিতৰত সাধাৰণতে শাৰীৰিক, বৌদ্ধিক আৰু কেতিয়াবা আৱেগিক সমস্যাও দেখা যায়। এই ৰোগৰ কাৰণ স্পষ্ট হোৱা নাই। কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত আক্ৰমণ বা মাইলিন উৎপন্ন কৰা কোষৰ বিসংগতি এই ৰোগৰ অন্তৰ্নিহিত কাৰণ বুলি ভবা হয়।