শিৱসাগৰঃ আজি বিশ্ব পৰ্যটন দিৱস। এই দিৱস উপলক্ষে আজি শিৱসাগৰত অসম পৰ্যটন বিভাগৰ উদ্যোগত দিন জোৰা বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
এই উপলক্ষে পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত কৰা হয়।শিৱসাগৰৰ বৰপুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা এই দৌৰ ৰং ঘৰ বাকৰিত সামৰণি পৰে।
প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈয়বুন নিচাৰ উপস্থিতিত শিৱসাগৰ নগৰৰ পৰ্যটন কাৰ্য্যালয়ৰ সমুখৰ পৰা সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে ৰাজ্য চৰকাৰৰ পৰ্যটন আৰু জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সমূহীয়া দৌৰত জিলা খনৰ ৪ শতাধিকৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ অংশৰূপে ফটো প্ৰদৰ্শনী, কৰ্মশালা, বঁটা বিতৰণী, সাংস্কৃতিক আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।