আজি বিশ্ব পৰিৱেশ দিৱস

প্ৰতি বছৰে ৫ জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ১৯৭৩ চনৰ পৰাই পালন কৰি অহা হৈছে এই বিশেষ দিনটো।

মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ‍্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে আজি সমগ্ৰ বিশ্ববাসীয়ে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে।

এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিবসটি বসন্তত আৰু দক্ষিণ গোলাৰ্ধত এই দিৱসটি শৰত কালত পালন কৰা হয়।

এই দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল। পিছৰ বছৰত ‘Only one Earth’ মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। তাৰ পৰৱৰ্তী বছৰৰ পৰা অৰ্থাৎ ১৯৪৭ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয়।

পৰিৱেশ-অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়- সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য।

মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে। সেই উদ্দেশ্যে প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননিকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ’ ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়।

২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে “প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰক,” যিটো ছ’চিয়েল মিডিয়া হেচটেগ #BeatPlasticPollution ৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত প্লাষ্টিক প্ৰদূষণ বৃদ্ধি পাইছে। সেইবোৰক নিয়ন্ত্ৰণ কৰি পৰিৱেশ অনুকূল সামগ্ৰীৰে সলনি কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। বিশ্ব পৰিৱেশ দিৱস ২০২৩ৰ আয়োজন কৰিছে পশ্চিম আফ্ৰিকাৰ আইভৰি কোষ্ট নামেৰেও জনাজাত ক’ট ডি আইভ’ৰ ৰিপাব্লিকে। এই বছৰ ইয়াৰ অংশীদাৰ হ’ব নেদাৰলেণ্ড। ইতিমধ্যে কোট ডি আইভ’ৰত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ (UN) মতে, বিশ্বজুৰি, বছৰি ৪০ কোটিতকৈ অধিক প্লাষ্টিক উৎপাদন কৰা হয়। ইয়াৰে ৫০ শতাংশ একক ব্যৱহাৰৰ প্লাষ্টিক আৰু মাত্ৰ ১০ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়। এই প্লাষ্টিক আৱৰ্জনাবোৰ অৱশেষত নদী, হ্ৰদ আৰু মহাসাগৰত প্ৰৱেশ কৰি সাগৰীয় জীৱ-জন্তুৰ বিপদৰ সৃষ্টি কৰে। আনকি মাউণ্ট এভাৰেষ্টতো প্লাষ্টিকৰ আৱৰ্জনা আৰু মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে।

অধ্যয়নত দেখা গৈছে যে মাইক্ৰ’প্লাষ্টিক বা প্লাষ্টিকৰ ধ্বংসাৱশেষ আনকি শ্বাস-প্ৰশ্বাস, খাদ্য আৰু মাইক্ৰ’প্লাষ্টিকেৰে দূষিত পানী খোৱাৰ জৰিয়তেও আমাৰ তেজত প্ৰৱেশ কৰিছে। প্লাষ্টিকত থকা ৰাসায়নিক সংযোজক পদাৰ্থই অন্তঃস্ৰাৱী বিঘিনি, প্ৰজনন সমস্যা, ডায়েবেটিছ, মেদবহুলতা, হাঁপানী, স্নায়ু বিকাশৰ বিসংগতি আনকি কৰ্কট ৰোগৰো সৃষ্টি কৰিব পাৰে। সময়ৰ লগে লগে আমাৰ অংগ বিশেষকৈ আমাৰ হাওঁফাওঁ, যকৃত, বৃক্ক আৰু প্লীহাত ইহঁত জমা হয়।

বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু আৰু শ্লোগান –

ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণীত একোটা বিশেষ বিষয়ক ভিত্তি কৰি প্ৰতিবছৰৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। যাতে এই উদযাপনে অধিক মানুহক সামৰি লয় আৰু অধিক কাৰ্যকৰী হয়।

বিভিন্ন বৰ্ষত এই দিৱসৰ মূল বিষয়বস্তু আৰু শ্লোগান আছিল এনে ধৰণৰ-

২০১০ চন: ‘অনেক প্ৰজাতি: এটা গৃহ, এক ভৱিষ্যৎ’।

২০১১ চন: ‘অৰণ্য: প্ৰকৃতি আপোনাৰ সেৱাত’।

২০১২ চন: ‘সেউজ অৰ্থনীতি: ই আপোনাকো সামৰি লয়নে’?

২০১৩ চন: ‘ভাবক, খাওক আৰু বচাওক’ আৰু শ্লোগান আছিল- ‘আপোনাৰ ফুডপ্ৰিন্ট হ্ৰাস কৰক’।

২০১৪ চন: ‘সৰু দ্বীপে দেশৰ বিকাশ ঘটাইছে’ আৰু ‘আপোনাৰ কন্ঠস্বৰ উচ্চ কৰক, সাগৰপৃষ্ঠ নহয়’।

২০১৫ চন: ‘এখন বিশ্ব, এটা পৰিৱেশ’।

২০১৬: ‘পৃথিৱীখনক অধিক সুন্দৰ কৰাৰ অভিযানত যোগ দিয়ক/ভাগ লওক’।

২০২২: ‘একমাত্ৰ ধৰিত্ৰী’ ‘Only One Earth’