আজিৰে পৰা দুদিনীয়া ভ্ৰমনসূচীৰে ফ্ৰান্সত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়চোৱাত মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।
এই বৈঠকত আই এন এছ বিক্ৰান্তৰ বাবে ২৬ খন ৰাফেল যুঁজাৰু বিমানৰ ক্ষেত্ৰত ভাৰত-ফ্ৰান্সৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱণা আছে। লগতে মেক-ইন-ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত মাজাগাও ডকয়াৰ্ডছ লিমিটেডত কালভেৰী শ্ৰেণীৰ আৰু তিনিখন ছাবমেৰিন ফ্ৰান্সৰ সহযোগত নিৰ্মাণৰ চুক্তি স্বাক্ষৰ হ’ব।
ভাৰত-ফ্ৰান্সৰ আংশীদাৰিত্বৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে দুয়ো দেশৰ মাজত কেইবাটাও বিষয়ত আলোচনা হোৱাৰ সম্ভাৱণা আছে। বেষ্টিল দিৱসৰ দিনাই মোডীৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি মেক্ৰই বিশ্ববিখ্যাত লভৰ মিউজিয়ামত আয়োজন কৰিছে চৰকাৰী ভোজমেলৰ। ১৪ জুলাইৰ দিনা এই দিৱসৰ পৰেডত ভাৰতীয় সেনাৰ তিনি বাহিনীয়ে অংশ ল’ব। ভাৰতীয় ২৬৯ কেডেটে ‘চাৰে জাহা ছে আচ্ছা’ৰ তালে তালে পেৰেডত অংশ গ্ৰহণ কৰিব।
ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰী ইউ.এ.ই. লৈ যাব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংযুক্ত আৰৱ আমিৰাত (ইউএই) ভ্ৰমণ ব্যাপক কূটনৈতিক ভ্ৰমণৰ অংশ হিচাপে চিহ্ণিত হ’ব ।
২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এইটো পঞ্চম ইউএই ভ্ৰমণ হ’ব, যিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ধিত গুৰুত্বৰ কথা উল্লেখ কৰিব।
তেওঁ ইয়াৰ আগতে ২০২২ চনৰ জুন, আগষ্ট ২০১৯, ফেব্ৰুৱাৰী ২০১৮ আৰু আগষ্ট ২০১৫ত ইউ.এ.ই. ভ্ৰমণ কৰিছিল। ২০২২ চনৰ জুন মাহত তেওঁৰ অন্তিম ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে আবু ধাবিৰ ৰাষ্ট্ৰপতি আৰু শাসক শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত শোক প্ৰকাশ কৰে। এই আত্মীয়তাই দুয়োগৰাকী নেতাৰ মাজত গভীৰ ব্যক্তিগত সম্পৰ্ক, ভাৰত আৰু ইউ.এ.ই.-ৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।