গুৱাহাটীঃ বুধবাৰে মহানগৰীৰত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী। কেইবাটাও ৰাজনৈতিক দলৰ বিয়াগোম নেতাই এই যোগদান কাৰ্যসূচীতেই দলটোত যোগদান কৰিব বুলি ইতিমধ্যেই প্ৰকাশ পাইছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতি দলটোত যোগদান কৰিব বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে।
উল্লেখ্য যে, প্ৰাক্তন বিপিএফ নেতা প্ৰবীণ বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, হাইলাকান্দি জিলা পৰিষদৰ উপাধ্যক্ষ তথা অগপ নেতা হিলালুদ্দিন বৰভূঞা, গণশক্তিৰ কাৰ্যকৰী সভাপতি মহিম হাজৰিকা, গণশক্তিৰ সম্পাদক তিলক ফুকন আদি বহুকেইজন ৰাজনৈতিক নেতাই বুধবাৰৰ এই কাৰ্যসূচীতেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি বিভিন্ন দলৰ প্ৰাথমিক পৰ্যায়ৰ বহু নেতা-কৰ্মীৰ লগতে ইউ পি পি এলৰ সাংগঠনিক সম্পাদক ডঃ হাচান আৰা বেগম, লাচিত সেনাৰ সাংগঠনিক সম্পাদক কল্যান ভাগৱতী, আৰু ভাৰতীয় হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি কৌশিক ৰঞ্জন দে বিশ্বাসেও দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি প্ৰদেশ কংগ্ৰেছে জনাইছে।